পৃষ্ঠা:Khojar Xabda.pdf/২১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি লৈ বিপুলদাৰ যিটোহে খং উঠিছিল! কি কি কৈছিল মনত নাই। অলকে কৈছিল, ‘বিপুলদা খং নকৰিব। অহাবাৰলৈ খুউব ধুনীয়া ফুল ফুলিব। অৱশ্যে মই আপোনাক সুধিহে কাটিব লাগিছিল।' আমি গুচি অহাৰ দুমাহমান পাছত ফুলজোপাত বহুত কলি আহিছে বুলি ফোন কৰি মোক জনাইছিল। লগতে কৈছিল, ‘বাঙালী বাবুক ক’বা কথাটো।' প্ৰায়ে গাটো ভাল নহয় বুলি ফোনত কয়, কিন্তু অলকে ফুৰিবলৈ যোৱাৰ কথা ক’লে লগতে ওলায়৷ বৌৱে ভালে থাকক বুলিয়ে ফুৰাত হকা- বাধা কৰে, কিন্তু ক’ত মানে ! বাইকেৰে টাৱাঙো পাইছিলগৈ ! অলকে কোৱা মতে গোটেই যাত্রাকালত শুই থকা সময়খিনিৰ বাদে বাকী সময়খিনিত অনর্গল কথা কৈ গৈছিল। ধেমেলীয়া কথাবোৰৰ বাদে বাকী প্ৰতিটো কথাই আছিল তথ্যসমৃদ্ধ। অলকে কোৱা মতে বাটত যি বস্তুতে চকু পৰিছিল সেই বস্তুটোৰ প্ৰসংগেৰে এনেবোৰ কথাৰ পাতনি মেলিছিল যাৰ যোগেদি ওলাই আহিছিল কোনো ঠাই বা জনগোষ্ঠীৰ ইতিহাস, সমাজ- ৰাজনৈতিক পটভূমিৰ তথ্যসমৃদ্ধ কাহিনী। সাধাৰণতে দেখিছিলোঁ কোনো নতুন মানুহৰ সৈতে কথা হ’লেও, কথাৰ লাচতে তৎক্ষণাৎ আপোন কৰি লৈছিল আৰু মানুহজনৰ মাজেৰে আপোনা-আপুনি খোলখাই খাই গৈছিল তেওঁ বসবাস কৰা ঠাইখনৰ সমাজ-ৰাজনৈতিক পটভূমিৰ অলেখ কাহিনী। সেইবোৰ স্মৃতিৰ পেৰাত ভৰাই ৰাখিছিল আৰু সময়ত লিৰিকি-বিদাৰি জুকিয়াই চাইছিল। গল্পবোৰৰ হয়তো তেনেদৰেই সৃষ্টি হৈছিল। অধ্যয়ন পিপাসু মানুহজনে সকলো কথাকে সমাজ- ৰাজনৈতিক দৃষ্টিভংগীৰে চাব জানিছিল। বহুতে নভবা কথা কিছুমান বিপুলদাই ভাবিছিল বা কৈছিল। মই প্ৰায়ে সেই কথাবোৰ কেতিয়াকৈ লিখিব বুলি সোধোঁ। এবাৰ কৈছিল যে প্রবন্ধ এলানি লিখিবলৈ মন আছে, পিছে জীৱনৰ বহু সময় এনেয়ে গুচি গ'ল, এতিয়া দেহাই নাটানে। ছোৱালীজনীক আবি বুলি মাতিবলৈ বিপুলদায়ে আৰম্ভ কৰিছিল। তাইলৈ মাজে মাজে ভিডিঅ’ কল কৰে। গুচি যোৱাৰ দুমাহৰ আগতেও ভিডিঅ’ কল কৰি কথা পাতিছিল। বিপুলদা আৰু বৌৱে তাইৰ ভিডিঅ’বোৰ চাই ভাল পায় বাবে মাজে মাজে পঠাওঁ৷ মাজতে দুটামান ভিডিঅ’ আনচিন হৈ থকা দেখি সন্দেহ কৰি ফোন কৰিলোঁ। ফোন নুঠালে। বৌৱেও নুঠায় ফোন। এদিন দেখিলোঁ কল আহিছে বিপুলদাৰ। বৰ আগ্ৰহেৰে উঠালোঁ। ক’লে, ‘আনলৈহে লগাইছিলোঁ, তোমাৰ তাত লাগিলগৈ।’ নাপাতিলে কোনো কথা ৷ মই ভাবিলোঁ বিপুলদাৰ হ’ল কি! কি কথাত বা বেয়া পালে! আধা ঘণ্টামানৰ পাছত আকৌ ফোন আহিল। ক’লে, ‘তোমাক ফোন নকৰোঁ বুলিয়েই ভাবি আছিলোঁ! ভুলতে লাগিলগৈ বাবেহে কৰিলোঁ!’

২২০ ॥ খোজৰ শব্দ

২২০॥খোজৰ শব্দ