স্তভ আছিল। পৰাপক্ষত এটাত চাউল আনটোত দাইল বহাই দি কামত ধৰোঁ। কোনোবা সাঁজ তেনেকৈয়ে পাৰ হয়। কেৱল ভাত দাইলেৰে। যিহেতু তেখেতৰ ঘৰটো পাহাৰৰ টিলাত— ঘৰ সজোৱা সামগ্ৰীবোৰ তলত পেলাই থৈ যায়—ইটা- বালি-শিল ইত্যাদি প্ৰায়খিনি আমি দুয়ো ওপৰলৈ আনিছিলোঁ। ৮৩ চনত তেখেত ধানবাদলৈ ট্ৰেইনিঙৰ বাবে যোৱাত ঘৰৰ দায়-দায়িত্ব মোক দি গৈছিল। সেই সময়ত নতুন সাহিত্য পৰিষদ গঠন হোৱা ২/১ বছৰ হৈছিলহে, খাটনিয়াৰ ছাৰ আছিল ৰাজ্যিক সম্পাদক— অসমৰ বিভিন্ন প্ৰান্তত পৰিষদৰ শাখা গঠন হৈছিল গতিকে সাংগঠনিক কামত অহা লোক একেদিনাই ৬/৭ জনমান হয় কেতিয়াবা। সেই সময়ত দোকান-বজাৰ কেৱল গণেশগুৰিতহে। সেয়েহে ভাতত আলু সিদ্ধৰে কেতিয়াবা বন্ধাকবিত পানী ঢালি খুৱাইছিল। সকলোকে চিনাকি কৰাই দিছিল তেখেতৰ ভাই বুলি। সেইদৰে মৰম চেনেহ কৰিছিল— তেখেতৰ মাটিৰ তলৰ অংশত মোক এটা ঘৰ সাজি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু মই পোনচাটেই নাকচ কৰিছিলোঁ। মই যেতিয়া তেখেতৰ বিভাগ এৰি ১৯৮৪ চনৰ ২৫ মে’ত নতুন চাকৰিত মকৰল হৈছিলোঁ ভাৰাঘৰ লৈ অন্যলৈ যাম বুলি ভাবিয়ে হয়তো সেই প্ৰস্তাৱ দিছিল। মই মনে মনে এটা নতুন কথা আৱিষ্কাৰ কৰিছিলোঁ— জালুকবাৰীৰ কোনোবা ৰীণা ৰায়চৌধুৰীৰ লগত তেখেতৰ প্ৰণয় হৈছিল। যদি দুয়োৰে বিয়া-বাৰু হৈ যায় তেতিয়া মই ভাৰাঘৰৰ ব্যৱস্থা কৰিম।
মোৰ মা অসুস্থ হৈ থকাত গুৱাহাটীলৈ আনি চিকিৎসা কৰি ঘৰত থবৰ বাবে এদিন দেওবাৰ এটাত ওলালোঁ। তেতিয়া মই ভাৰাঘৰত। গণেশগুৰিত মৰিগাঁৱলৈ বুলি বাছৰ অপেক্ষাত আছিলোঁ— হঠাৎ খাটনিয়াৰ ছাৰ আহি উপস্থিত। মই ঘৰলৈ যোৱাৰ কথা ক'লোঁ, তেখেতে ক’লে ময়ো মৰিগাঁৱলৈ যাম। মই ভাবিছিলোঁ, সাহিত্যৰ কিবা কামত যাব নিশ্চয়— মৰিগাঁৱত বাছৰ পৰা নামি আমাৰ ফালে যোৱা বাছত উঠিলোঁ। কোনো ভূমিকা নকৰাকৈ তেখেতো আমাৰ লগত উঠিল, নিৰ্দিষ্ট স্থানত আমি বাছৰ পৰা নামিলোঁ, লগে লগে তেখেতো নামিল। ক’লে—বলা, তোমালোকৰ ঘৰলৈকে আহিছোঁ। মই আচৰিত, খাটনিয়াৰৰ দৰে মানুহ এজন এনেকৈ আহিব লাগেনে? বোধকৰোঁ ৮৭ চনমানৰ কথা। মই শেষত অনুমান কৰিছোঁ গল্পকাৰসকলে গল্পৰ সমল এনেভাৱেই সংগ্ৰহ কৰে। যিকোনো গল্পপুথি বা কেছেট উন্মোচনৰ সময়ত মোলৈ খবৰটো পঠাবই। একেলগে থকা কালছোৱাত কিবা ব্যতিক্ৰম হলে গালি পাৰিবই। তেতিয়া বিপুল দেৱশৰ্মা, বিমল শৰ্মা, মই, তেখেতৰ কনিষ্ঠ ভাতৃ উজ্জ্বল আৰু মাহীয়েকৰ ছোৱালী ৰানুসহ এটা ডাঙৰ মেচ। বিপুল দেৱ শৰ্মা তেখেতৰ
বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৰূমসহপাঠী।