পৃষ্ঠা:Khojar Xabda.pdf/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সতীৰ্থ বিপুল খাটনিয়াৰৰ সোঁৱৰণত

সুভাষ শৰ্মা

সতীৰ্থ বিপুল খাটনিয়াৰৰ বিশাল প্ৰতিভা আৰু ব্যক্তিত্ব, সহজ সৰল জীৱনশৈলী, ধীৰস্থিৰভাৱে সকলো সমস্যাৰ মুখামুখি হ’ব পৰা গুণ, সাংগঠনিক দক্ষতা আৰু তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰ বিষয়ে নিশ্চয় বহুতে আলোচনা কৰিব। মই মাথোঁ তেখেতৰ ব্যক্তিগত সান্নিধ্যৰ দুটামান কথাহে উল্লেখ কৰিব বিচাৰিছোঁ।

 স্কুলীয়া কালতে ‘নতুন পৃথিৱী’ৰ পাতত বিপুল খাটনিয়াৰৰ নামটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ যদিও ব্যক্তিগতভাৱে তেখেতক লগপোৱাৰ সুযোগ হোৱা নাছিল। মেট্ৰিক পাছ কৰি গুৱাহাটীলৈ আহি তেখেতক প্ৰথম দেখা পাওঁ নতুন সাহিত্য পৰিষদৰ সন্মিলনৰ মঞ্চত। তাকো নিলগে নিলগে। তেখেতক ব্যক্তিগতভাৱে লগ পাবলৈ ৰ’ব লগা হৈছিল ২০০৭ চনলৈ।

 সেই বছৰতে নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ সন্মিলনত শাখাৰ মুখপত্ৰ ‘প্ৰত্যয়’ৰ প্ৰথম সংখ্যাটি প্ৰকাশ পায়। মুখপত্ৰখন উন্মোচন কৰে বিপুল খাটনিয়াৰে। সেই সন্মিলনতে মোক দক্ষিণ গুৱাহাটী শাখাৰ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। এই যে খাটনিয়াৰৰ লগত সান্নিধ্য লাভৰ সুযোগ ঘটিল— ইয়াৰ পাছত বহুতবাৰ শাখাৰ বিভিন্ন কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছোঁ। বিভিন্ন অনুষ্ঠানলৈ আহি আমাক উৎসাহিত কৰিছে আৰু পিছলৈ গৈ এনে সান্নিধ্যই ব্যক্তিগত বন্ধুত্বৰ পৰ্যায়লৈ গতি কৰিলে। বহুবাৰ তেখেত মোৰ ঘৰলৈ আহিছে। মাথোঁ সাংগঠনিক কথাবতৰাই পাৰিবাৰিক বিভিন্ন আলোচনাই কৰিছিল, প্ৰতিটো সমস্যাৰে সুন্দৰ সমাধান সূত্ৰ উলিয়াইছিল।

 ২০১৪ চনৰ জানুৱাৰী মাহৰ ৩, ৪ আৰু ৫ তাৰিখে নতুন সাহিত্য পৰিষদৰ পঞ্চদশ ৰাজ্যিক সন্মিলন গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হৈছিল।এই সন্মিলনত

অভ্যৰ্থনা সমিতিৰ সম্পাদক আছিলোঁ মই। আনহাতে বিপুল খাটনিয়াৰ আছিল

২০৮॥খোজৰ শব্দ