পৃষ্ঠা:Khojar Xabda.pdf/১৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাষা চলে। কিন্তু ধ্বনিগত তাৰতম্য আৰু গোষ্ঠী বা সম্প্ৰদায়গত ভাষাৰ কথিত ৰূপ বেলেগ বেলেগ। যেনে গাৰোসকলে ‘ৰ’ উচ্চাৰণ কৰিব নোৱাৰে। ‘ৰ’ৰ ঠাইত ‘ল’ উচ্চাৰণ কৰে ৷ যেনে ‘গীৰ্জা’ৰ ঠাই গিজা । তেনেকৈ কোচ-ৰাভাসকলৰ লগত কথা পাতোঁতে বেলেগ ৰূপ লয়। বড়ো মানুহ এজনে হাৰ্সা (অবড়ো)ৰ লগত কথা পাতোঁতে বেলেগ ৰূপ লয়। একেটা ভাষাই, কিন্তু কলিতাসকলে দেশী মুছলমান আৰু মাঝি এজনৰ সৈতে কথা পাতোতে আকৌ বেলেগ ৰূপ লয়। সেয়ে উজনিৰ এজন সাহিত্যিকে যেতিয়া গোৱালপৰীয়া শব্দ বা বাক্য ব্যৱহাৰ কৰিব তেনেহ'লে ক্ষেত্রভিত্তিক এলেকা পৰিদৰ্শন কৰা প্ৰয়োজন । আৰু এটা কথা কৈছিল খাটনিয়াৰে, সীমিত অর্থতহে স্থানীয় শব্দ বা বাক্য ব্যৱহাৰ কৰা উচিত। সেয়ে যেতিয়া খাটনিয়াৰে কোনটো শব্দ ব্যৱহাৰ কৰা বেচি উপযুক্ত হ’ব বুলি দ্বন্দ্বত ভুগিবলগীয়া হয়, তেতিয়া কোনটো ব্যৱহাৰ কৰা উচিত হ’ব এবাৰ মোক সুধিহে চূড়ান্ত সিদ্ধান্ত লয়। অবিভক্ত গোৱালপাৰা জিলাৰ মেঘালয় সংলগ্ন সাপ্তাহিক বজাৰবোৰত গাৰো হিলচৰ পৰা অহা গাৰো মানুহ আৰু ৰাভা মানুহৰ বহুদিনীয়া মিতিৰালি। সামাজিক লেন-দেন, ব্যৱসায় আদিৰ ফলত গোৱালপৰীয়া ভাষা শিকিছে। খাটনিয়াৰে এই বজাৰবোৰতো সময় অতিবাহিত কৰিছিল গোৱালপৰীয়া ভাষা জনাৰ বাবে। এই কামত তেখেতক মই পাৰ্যমানে সহায় কৰিছিলোঁ। বক্সীৰহাটৰ ওচৰৰ হালাকুৰাত এবাৰ ৰাজ্যিক বৈঠক আৰু আলোচনাচক্ৰ হৈছিল। খাটনিয়াৰে আগতীয়াকৈ জনালে ৰাজ্যিক বৈঠকৰ শেষত আমাৰ গাঁৱলৈ যাব। ক’লোঁ, আপোনাৰ ববে মই সদা প্রস্তুত। পিছদিনা মাধৱদেৱে গঢ়ি থৈ যোৱা কালা হাটৰ ওচৰৰ 'ৰামৰায় কুঠী সত্ৰ’দৰ্শনৰ বাবে সকলো ওলাল। আমাক দেখিয়েই বি এছ এফ দৌৰি আহিল। সত্ৰৰ দুজন কর্মকর্তা আমাক দেখি আগবাঢ়ি আহিল। অলপ ঘূৰাঘূৰি কৰি সত্ৰৰ ভিতৰ চ’ৰাত সোমালোঁ। মানুহ এজন আগবাঢ়ি আহিল। হাতত কিবা কিবি বস্তু। সত্ৰৰ অৱস্থা সংগীন। মূল কাৰণ হৈছে দৈনন্দিন পূজা পাতল আৰু নাম-প্ৰসংগ কৰা অসমীয়া মানুহ নাই গাঁওখনত। চাহ-পানী খাই (হালাকুৰাত) মই আৰু খাটনিয়াৰ চাইড কাটিলোঁ । ৯.৩০ বজাত ঘঁৰিয়ালডাঙা নামৰ গাঁওখন গৈ পালোঁ। আমি গৈ পোৱাৰ আধাঘণ্টা পাছতহে ধুবুৰীৰপৰা মানুহজন আহি পালে।

 মই চিনাকি কৰি দিয়াৰ পাছত খাটনিয়াৰে প্ৰশ্ন আৰম্ভ কৰিলে। ‘গাঁওখনৰ নাম ঘঁৰিয়াল ডাঙা কেনেকৈ হ'ল৷’ এটা কথা ঠিক যে গাঁওবিলাকৰ নাম কোনো নামজ্বলা ব্যক্তিৰ দ্বাৰা দিয়া হোৱা নাই। গোৱালপাৰা তথা পূৰ্বাঞ্চলৰ কিছুমান ঠাই বা বসতিৰ নাম এটা গোট বা দলবদ্ধভাৱে বাংলাদেশী মানুহ অসমত প্ৰৱেশ কৰি যি ঠাইত বসতি স্থাপন কৰিলে সেই ঠাইৰ যদি আগৰেপৰা কোনো নাম আছিল সেই নামকে

খোজৰ শব্দ॥১৮৩