পৃষ্ঠা:Khojar Xabda.pdf/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাটনিয়াৰে বিশেষকৈ প্ৰকাশনৰ ক্ষেত্ৰত আমাৰ ওপৰত কিছু ভৰসা ৰাখিছিল, সেয়ে বিভিন্ন সংকলন প্ৰকাশনৰ ক্ষেত্ৰত তেওঁৰ অনুৰোধতে বিশিষ্ট প্ৰকাশন প্ৰতিষ্ঠানৰ সৈতে পৰিষদৰ এটি সম্পৰ্ক গঢ়ি তোলাত যোগসূত্ৰ স্থাপন কৰিছিলোঁ। ‘লক্ষ্মীনাথ শৰ্মা ৰচনাৱলী’, ‘সাহিত্য বীক্ষণ’ৰ দৰে মৰ্যাদাপূৰ্ণ প্ৰকাশন সম্ভৱ হৈছিল ষ্টুডেন্টচ ষ্টোৰ্চৰ জৰিয়তে। তেনেদৰে আৰু কেইবাখনো পুথি প্ৰকাশ প্ৰকাশ হৈছিল। তাৰ ভিতৰত খাটনিয়াৰে সম্পাদনা কৰা ‘সূৰ্য ঢকা মেঘ’ও আছিল, যিখন এখন মননশীল গল্প সংকলন হিচাপে পঢ়ুৱৈয়ে আদৰিছিল। খাটনিয়াৰৰ সতে লগলাগি আমিও সম্পাদনা কৰিছিলোঁ ‘হেমাংগ বিশ্বাস’ পুথিখন। পৰিষদক গতিশীল কৰি ৰখাত খাটনিয়াৰৰ ভূমিকা আছিল অনস্বীকাৰ্য। শাখাসমূহৰ লগত সুসম্পৰ্ক ৰখাত তেওঁ সফল হৈছিল। সাংগঠনিক কামকাজত আমাৰ সতে সংঘাতৰো সৃষ্টি হৈছিল৷ পৰিষদত এই বিষয়ে আলোচনা হৈছিল। কেতিয়াবা এনে সংঘাত হ’লে আমি অনিলদা (অনিল ৰায়চৌধুৰী)ৰ সতে মুকলিভাৱে কথা পাতিছিলোঁ। আমাৰ কথাবোৰ মনোযোগেৰে শুনিছিল আৰু সংঘাত নিৰসন কৰাত অনিলদাই ভূমিকাও লৈছিল। কিন্তু মতান্তৰ হ’লেও তেওঁৰ সৃষ্টিৰ প্ৰতি বিমুখী হোৱা নাছিলোঁ। মৃত্যুৰ এবছৰ আগেয়ে এজন অধ্যাপকে সাহিত্য অকাডেমিৰ বঁটাৰ বাবে আমাক পৰিষদৰ লেখকৰ কিতাপৰ কথা সোধাত আমি খাটনিয়াৰৰ গল্পপুথিৰ কথা কৈছিলোঁ আৰু সেইখন বঁটাৰ বাবে আনকেইজনমানৰ লগতে তেওঁৰো পুথিখন তালিকাভুক্ত হৈছিল।

 খাটনিয়াৰ আছিল অতিকৈ কষ্টসহিষ্ণু। পৰিষদৰ কামবোৰ অকলেই যেন কৰি পেলাব এনে ভাব আমি লক্ষ্য কৰিছিলোঁ। এনে কৰাত সদায় ফল ভাল হোৱা নাছিল। পাছত আমি ধাৰাবাহিকতাৰ সূত্ৰ ধৰাত অসুবিধাও হৈছিল। কিন্তু তেওঁৰ অৱদানখিনি নিঃসন্দেহে সদায় স্মৰণীয় হৈ ৰ’ব। পৰিষদত এচাম সমাজদায়বদ্ধ লেখক সৃষ্টিত তেওঁৰ অৰিহণা সামান্য নাছিল। খাটনিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলোঁ।❐

(লেখক বিশিষ্ট সাহিত্যক, সম্পাদক, 'নতুন সাহিত্য পৰিষদ'ৰ প্ৰাক্তন সভাপতি আৰু

বৰ্তমান ৰাজ্যিক সম্পাদক)

১৭৬॥খোজৰ শব্দ