মানুহ আছিল। তথাপি তাত মহিলাৰ সমাগম নোহোৱাৰ বাবে তেওঁলোকে তালৈ যোৱাতকৈ আমাৰ বাসস্থানকে সুবিধাজনক বুলি বিবেচনা কৰিছিল। আমাৰ তাত আলোচনাবোৰত প্ৰশিক্ষক হিচাপে ফনী গগৈ, অনিল ৰায়চৌধুৰী আদি নিয়মীয়াকৈ উপস্থিত থাকিছিল। আমাৰ সকলোৰে মনলৈ বিশ্বাস আহিছিল যে সোনকালেই ভালৰ বাবে পৰিৱৰ্তন আহিব। কিন্তু আমি সচৰাচৰ দেখি থকা ঠাইখনেই অসম অথবা ভাৰতবৰ্ষ নহয়। এই বিশাল দেশখনৰ পৰিৱৰ্তনৰ বাবে আমাৰ দৰে বহুতেই কাম কৰিব লাগিব। কিছুমানে সেই কাম সৰুৰেপৰা কৰিও আকাংক্ষিত পোহৰ নেদেখি হতাশ হৈ পৰিছিল। কিছুমানে অৱশ্যে ভুকুতে কল নপকা বোলা আপ্তবাক্যত বিশ্বাস কৰি কাম কৰি গৈছিল। তেওঁলোকে ন-সমাজখন নেদেখিলেও সতি-সন্ততিয়ে দেখিব বুলি একান্ত বিশ্বাস কৰিছিল। কিন্তু বাস্তৱ বৰ কঠিন, কেৱল বিশ্বাস কৰিলেই নহ’ব, সমাজখন সলাবৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব। তথাপি পৰিৱৰ্তনৰ বাবে এচামে কাম কৰিছিল। এনে কামত বিপুল খাটনিয়াৰ, হীৰেন গগৈ আদিয়ে নতুনকৈ আহি কামত যোগদান কৰিছিল। এনে কাজুৱা আৰু বুদ্ধিমান ডেকাজন অহাত বেছ ভাল লাগিছিল। মনলৈ আশাও আহিছিল। আমাৰ স’তে হীৰেন গোহাঁই আদিয়েও কিছুদিন কাম কৰিছিল।
বিপুল আৰু ৰীণাৰ বিয়া খৰধৰকৈ পাতিব লগা হোৱাত ৰুমাৰ বিয়াও পাতিব লগা হ’ল। ৰুমাৰ দৰাও পূৰ্বৰে পৰা দুয়োৰে চিনাকি। দুয়ো একেটা বিভাগতে চাকৰি কৰে। ল'ৰাজন বেয়া নহয়। অলপ প্ৰগতিবাদী চিন্তা আছে। গতিকে আমি সকলোৱে তেওঁৰ সৈতে কথা পাতি ভালেই পালোঁ। ঘৰখনৰো আন কাৰোবাক পাইছিলোঁ, এতিয়া ভালদৰে মনত নাই। দুয়োজন জোঁৱায়ে অনিলদাৰ লগতো সমানে কথা- বতৰাত ভাল ল’ব পৰাটো অনিলদাৰ বাবে ভাল কথা আছিল। বিয়াৰ পিছত বাহিৰলৈ ফুৰিবলৈ নগৈ বিপুল আৰু ৰীণা শিৱসাগৰৰ পুৰণি ঘৰৰ ফালে পাক মাৰি আহিল। তাতো ৰাইজে বোৱাৰীক ভালেই পালে। আহি বিপুলে বৰ কষ্ট কৰি আধৰুৱা হৈ থকা ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে, লগতে এটা ভাৰাঘৰো সাজি এজনক থাকিবলৈ দি লগ এজনৰ ব্যৱস্থা কৰিলে। দৰাচলতে ভাৰাৰ পইচা বৰ লাভজনক নহয়। সেই ঠাইখিনি আমিও চাইছিলোঁ। এওঁ পোনচাটেই নাকচ কৰিলত বিশেষ আগবঢ়া নহ'ল। মই অনিলদাৰ ওচৰে-পাজৰে ঘৰ মাটি বিচাৰিছিলোঁ। পালেও দৰে-দামে নিমিলাত বিশেষ অগ্ৰসৰ হ’ব নোৱাৰিলোঁ। জালুকবাৰীৰ আশে-পাশে বিচাৰ-খোচাৰ কৰি থাকিও ঘৰ নাপালোঁ। এটা অলপ পচন্দ হৈছিল, কিন্তু সেইটো আমাৰ বিশ্ববিদ্যালয়ৰে
অধ্যাপক চন্দ্ৰ শৰ্মাই ল’লে। মাটি কম থাকিলেও দুমহলীয়া ঘৰ বনাই লৈ তাতে