পৃষ্ঠা:Khojar Xabda.pdf/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু সন্মিলনৰ শেষৰ দিনা সংঘটিত অপ্রত্যাশিত ঘটনাৰ বাবে তেওঁ পৰিষদৰ পৰা আঁতৰি আহিব লগা হৈছিল। এক মর্মান্তিক দৃশ্য। যিটো সাহিত্য সংগঠনৰ লগত জড়িত হৈ ওৰেটো জীৱন নিঃস্বার্থভাৱে সেৱা আগ বঢ়াই শৰীৰৰ তেজ পানী কৰিলে, সেই সংগঠনৰ পৰা জীৱনৰ অন্তিম সময়ত আঁতৰত থকাটো সঁচাকৈয়ে অতি বেদনাদায়ক।

 কিন্তু খাটনিয়াৰ আদৰ্শচ্যুত হোৱা নাছিল, তেওঁৰ হাতৰ কলমো থমকি ৰোৱা নাছিল ৷ দৈনিক অসম, অসমীয়া প্রতিদিন, সাতসৰী, গৰীয়সী আদি দৈনিক কাকত, আলোচনীত নিয়মিত প্রবন্ধ, গল্প লিখিছিল। তেওঁ মোৰ কৰ্মক্ষেত্ৰ ধুবুৰীলৈ আহিছিল। শাখাৰ সতীৰ্থসকলৰ লগত পৰিচয় হৈ সাংগঠনিক দিশৰ কথা পাতিছে। দুয়ো খোজ কাঢ়ি ব্ৰহ্মপুত্ৰ নৈৰ পাৰলৈ গৈছোঁ; শিখ গুৰুদ্বাৰ, পাঁচপীৰৰ দৰগাহ, নেতাই ধুবুনীৰ ঘাট, ধুবুৰী দুৰ্গ, ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰ-চাপৰিৰ নৈসর্গিক দৃশ্য দেখি অভিভূত হৈছে। ধুবুৰীৰ পৰা ২৫ কিলোমিটাৰ নিলগত হুছেইন শ্বাহৰ আমোলৰ পানবাৰী মছজিদ, তাৰ আশে-পাশে থকা কবৰৰ ওপৰত অনুসন্ধান চলাইছে, ৰঙামাটিৰ ঈদগাহকে ধৰি মনৰ মাজত উদয় হোৱা প্ৰশ্নবোৰ এফালৰ পৰা সুধি গৈছে। অসমৰ প্ৰাচীন শিল্প-কলা, ভাস্কৰ্যৰ প্ৰতি তেওঁ অকল অনুৰাগেই নাছিল, তাৰ ঐতিহাসিক তাৎপর্য, ব্যাখ্যাও অতি সুন্দৰভাৱে তুলি ধৰিছে গভীৰ অধ্যয়ন, ইতিহাস চেতনাৰে৷

 মাজে-সময়ে ফোনত কথা পাতিছোঁ, গল্প কৰিছোঁ, কোনো দিনে শেষ নোহোৱা কথা, গল্প বিলাক। নতুন সাহিত্য পৰিষদৰ সাংগঠনিক দিশকে ধৰি ইটো-সিটো বহুত কথা। তেওঁ আমাৰ ডাকাইদলৰ ঘৰলৈ আহিছে, নতুন সাহিত্য পৰিষদৰ ডাকাইদল, আমতলি শাখাৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছে, বানাই জনগোষ্ঠীৰ কলা-কৃষ্টি, নৃত্য-গীত দেখি অভিভূত হৈ পৰিছে। ১৯৬৪ চনত পূব-পাকিস্তানৰ পৰা ভাৰতলৈ অহা হাজং, বানাই, ডালু, হদি, বৰ্মন, গাৰো আদি জনগোষ্ঠীৰ সংগ্ৰামী জীৱনৰ কথা ডায়েৰিৰ পাতত লিপিবদ্ধ কৰিছে। ২০১৯ চনৰ ১১ আগষ্ট তাৰিখে নতুন সাহিত্য পৰিষদৰ অষ্টাদশ ৰাজ্যিক সন্মিলন উপলক্ষে গোৱালপাৰাৰ বলদমাৰী চাহ বাগান প্রাথমিক বিদ্যালয়ত আয়োজিত অভ্যর্থনা সমিতিৰ বৈঠকখানালৈ সতীৰ্থ বিপুল খাটনিয়াৰ আহিছিল এবুকু উছাহ লৈ। পৰিষদৰ ৰাজ্যিক সভাপতি ৰবীন্দ্ৰ কুমাৰ দাস আৰু সম্পাদক সমীন্দ্ৰ হুজুৰিও সেইখন সভাত উপস্থিত আছিল। গোৱালপাৰা সন্মিলনখনি সাফল্যমণ্ডিত কৰি তোলাত সিদিনা খাটনিয়াৰৰ পৰামৰ্শ আছিল অতি তাৎপর্যপূর্ণ। অসুস্থ শৰীৰ লৈ সিদিনা প্ৰদান কৰা বক্তৃতাৰ কথাবিলাক আজিও মনত খুন্দিয়াই থাকে... কান্ধত ওলমি থকা বেগখনত কেঁচী, ষ্টেপ্লাৰ, পিনৰ

১৭০॥ খোজৰ শব্দ

১৭০॥খোজৰ শব্দ