পৃষ্ঠা:Khojar Xabda.pdf/১৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাজ্যিক সমিতিৰ বৈঠক ১৬/১৭ ছেপ্টেম্বৰ, ৯৫ তাৰিখে বিশ্বনাথ চাৰিআলিত। চিঠি নিশ্চয় পাইছে।

‘আমাৰ সুভাষ’ গ্ৰন্থখন ৩ ছেপ্টেম্বৰ, ৯৫ত মালিগাঁৱৰ চিনিয়ৰ ৰে’লৱে ইন্সটিটিউট, গোশালাত বিয়লি ৩-০০ বজাত উন্মোচন কৰা হ’ব। উন্মোচক হীৰেন গোহাঁই। লগতে চীন ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত এখন আলোচনা সভা। বক্তা- হেমেন দাস। কোনো অসুবিধা নাথাকিলে আপুনি আহিব বুলি আশা কৰিলোঁ। কিতাপৰ বিলৰ কপি এটা পঠালোঁ। মানকাচৰৰপৰা আৰু অন্ততঃ কিছু টকা পালে ভাল হয়। কি কৰিব পাৰে চাব। যিখিনি পাৰে ৩ তাৰিখে দিব পৰিলে ভাল হয়।

 বিশেষ নিলিখোঁ। ঘৰৰ আটাইকে চেনেহ যাচিব। ইতি—

বিপুল খাটনিয়াৰ ২৭/৮/৯৫

 পৰিষদৰ গুৱাহাটী আঞ্চলিক সমিতিৰ কামকাজ তেতিয়া চকুত লগা। আঞ্চলিকৰ সভাপতি মুকুট ভট্টাচাৰ্য আৰু সম্পাদক দেৱজিৎ তালুকদাৰে একেটা বিষয় লৈ লিখা চিঠিখন পাই অতিকৈ আনন্দিত হ'লোঁ। সংক্ষিপ্ত চিঠিখন আছিল এনেধৰণৰ—

 শ্ৰদ্ধাস্পদেষু,
  সম্ভাষণ গ্ৰহণ কৰিব।

 অহা ৩ ছেপ্টেম্বৰ, ৯৫ দেওবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক হেমেন দাসে তেখেতৰ চীন ভ্ৰমণৰ অভিজ্ঞতা সম্পৰ্কে বক্তব্য আগ বঢ়াব। এই সভাতেই বিশিষ্ট সাহিত্যিক প্ৰয়াত সুভাষ সাহাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপক স্মৃতিগ্ৰন্থ ‘আমাৰ সুভাষ’ উন্মোচন কৰা হ’ব।

 এই কাৰ্যসূচীত আপোনাৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰা হ’ল। ইতি

মুকুট ভট্টাচাৰ্য, সভাপতি
দেৱজিৎ তালুকদাৰ, সম্পাদক
গুৱাহাটী আঞ্চলিক সমিতি

 নতুন সাহিত্য পৰিষদৰ মানকাচৰ আৰু নতুন ভাইটবাৰী শাখাৰ আমন্ত্ৰণক্ৰমে ২১/৫/৯৫ তাৰিখে মানকাচৰৰ গ্ৰীণভেলি স্কুলত ৫৬ গৰাকী দৰ্শক-শ্ৰোতাৰ উপস্থিতিত অনুষ্ঠিত চুটিগল্প কৰ্মশালাত বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰে আলোচক হিচাপে অংশগ্ৰহণ কৰে। আলোচনাৰ পাতনিত তেখেতে চুটিগল্পৰ জন্ম আৰু বিকাশৰ

খোজৰ শব্দ॥১৬৭