পৃষ্ঠা:Khojar Xabda.pdf/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মজুমদাৰ, নৰেন দাস, বিপুল খাটনিয়াৰ — আহ্বায়ক) গঠন কৰা হয়।

 (৫) কবিতা লিখাৰ অনুশীলন কৰা আমাৰ সদস্যসকলে আৰ্হি হিচাপে গ্ৰহণ কৰিব পৰাকৈ এমুঠি প্ৰগতিশীল শ্ৰেষ্ঠ অসমীয়া কবিতা থূপ খুৱাই এখনি সংকলন প্ৰকাশ কৰাৰ বাবে এখন উপ-সমিতি (সদস্য— ৰুদ্ৰসিংহ মটক, বিজনলাল চৌধুৰী, মুকুট গগৈ, ইছমাইল হোছেইন— আহ্বায়ক)

 (৬) সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এই সময়ছোৱাত ৰচনা হোৱা গল্পসমূহৰ এটি নিৰ্বাচিত সংকলন কৰাৰ হকে এখনি উপ-সমিতি (সদস্য – ডাঃ কুমুদ কুমাৰ দত্ত, হাফিজ আহমেদ, তোষেশ্বৰ চেতিয়া, জেহিৰুল হুছেইন— আহ্বায়ক) গঠন কৰা হয়।

 (৭) অভিধান উপ-সমিতিত প্ৰয়াত সুভাষ সাহাৰ স্থানত শ্ৰীলোকনাথ শৰ্মাক সদস্য অন্তৰ্ভুক্ত কৰা হয়।

গ) সভা আৰু আলোচনাচক্ৰৰ আঁচনি / সিদ্ধান্ত
 অহা দুবছৰীয়া কাৰ্যকালত চাৰ্কুলাৰখনত গৱেষণা সমিতি, পুঁজি সম্পৰ্কত আঁচনি গ্ৰহণ কৰাৰ লগতে সতীৰ্থসকলক উদ্দেশ্য কৰি যিখিনি কথা কোৱা হৈছিল, সেয়া আছিল—

 আমাৰ সংগঠনৰ সকলো কৰ্মীয়ে আংশিক কৰ্মী। সেয়ে সকলোৰে সীমাবদ্ধতাৰ বিষয়ে সকলোৱেই ওৱাকিবহাল থাকি সাম্ভাব্য শ্ৰেষ্ঠ প্ৰচেষ্টা সমূহীয়াভাৱে আগ বঢ়াই ওপৰোক্ত আঁচনিসমূহ ৰূপায়ণ কৰাত সহায় কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনোৱা হ'ল।

বিপুল খাটনিয়াৰ সম্পাদক : ৰাজ্যিক সমিতি

 মন কৰিবলগীয়া বিষয় এই যে গণ-সংগীতৰ নিৰ্বাচিত সংকলন আৰু অভিধানৰ বাহিৰে আটাইখিনি আঁচনি পৰৱৰ্তী সমত কাৰ্যকৰী কৰি তোলা হৈছে। এয়া সতীৰ্থ খাটনিয়াৰৰ সাংগঠনিক কৰ্মকুলশতাৰ এটা অতি উজ্জ্বল দিশ। আঁচনি/সিদ্ধান্ত এটা লোৱাৰ পিছত তাক সম্পূৰ্ণ নকৰালৈকে তেওঁ ক্ষান্ত থাকিব পৰা নাছিল। ‘আমাৰ সুভাষ’ গ্ৰন্থখন সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত তেওঁ যেনেদৰে উঠিপৰি লাগিছে সেয়া তলৰ চিঠিখনত পৰিষ্কাৰ হৈ উঠিছে (৭/৫/৯৪)।

 আপোনাৰ চিঠিখন কালি পালোঁ। ‘স্মৃতিন্যাস’ সম্পৰ্কীয় এখন বৈঠক অহা ২৫মে, ৯৪ তাৰিখে গুৱাহাটীৰ কাৰ্যালয়ত দিনৰ ১০বজাত আহ্বান কৰা হৈছে। এই

বৈঠকত আপুনি নিশ্চিতভাৱে উপস্থিত থাকিব লাগিব। ৰাজ্যিকৰ সভাপতি আৰু

১৬৪॥খোজৰ শব্দ