পৃষ্ঠা:Khojar Xabda.pdf/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 জীৱনৰ এছোৱা অতি কঠিন সময়ত আপুনি সাহ হৈ আছিল। সকলো সময়তে নিজৰ স্বাৰ্থ নোহোৱাকৈ কেৱল মানুহক সহায় কৰি থকাই দেখিছিলোঁ। সকলো মানুহকে ইমান ভাল পাবলৈ, ইমান সহায় কৰিবলৈ আপুনি কেনেকৈ পাৰিছিল— এতিয়াও এই কথা ভাবি তবধ মানো।

 আমি অতি কষ্ট কৰি উলিওৱা ক্ষুদ্ৰ আলোচনী ‘ভূমি’ৰ কাৰণে আপুনি দেহেকেহে খাটিছিল। লেখা গোটোৱাৰপৰা, ডিটিপি কৰোৱাই প্ৰুফ চোৱালৈকে। তাৰপিছত আছিল বিতৰণৰ কাম। কোনো কাৰণতে ‘ভূমি’ৰ প্ৰকাশ যাতে বন্ধ নহয় সেই কথা আপুনি বাৰে বাৰে আমাক সকীয়াই আছিল। আপুনি হাতখন আগবঢ়াই দিছিল কাৰণেই বহু বাধা অতিক্ৰমি ‘ভূমি’ ওলাই আছিল। যাদুৰ দৰে চকুৰ পচাৰতে আপুনি কামবোৰ সমাধা কৰিছিল। ‘ভূমি’ৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ মই আপোনাক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ। যি সময়ত একো নকৰাকৈয়ে বহুতে আলোচনীখনৰ ওপৰত অধিকাৰ সাবস্ত্য কৰিবলৈ উঠি-পৰি লাগিছিল, সেইসময়ত আপুনি মোৰ কথা একেআষাৰে উৰাই দি কৈছিল ‘ভূমি তোমাৰ identity, এনেকুৱা কথা দ্বিতীয়বাৰ নক’বা।’

 আপুনি আছিল এজাক মুক্ত বতাহ। আপুনি বুলিলে আজিও সেই দুৰ্দম বেগবান সত্তা এটাহে মনলৈ আহে। আপোনাৰ সমুখত কোনো প্ৰত্যাহ্বানেই দেখোন টিকি থাকিব পৰা নাছিল। সেইকাৰণেই নেকি আপোনাৰ অসুখৰ খবৰটো পাওঁতে বিশেষ চিন্তা কৰিবলৈকে নহ’ল। ভাবিলোঁ, ভাল হৈ যাব, বেমাৰে আপোনাৰ একো কৰিব নোৱাৰে। শেষবাৰ ফোনত কথা পাতোঁতে মোতকৈ আগতে নমৰোঁ বুলি কৈছিল। শেষবাৰ বিৰিঞ্চিৰ ঘৰত লগ পাওঁতে আপোনাৰ ভগ্ন স্বাস্থ্য দেখি কঁপি উঠিছিলোঁ। তথাপিও ভাব নহ’ল আপুনি যাবগৈ। মই কিজানি আপোনাৰ অসুখ হৈছে বুলি মানিয়েই লোৱা নাছিলোঁ। বেছি কথা পাতিবলৈকে নহ’ল। এতিয়া ভাবোঁ আৰু অলপ সময় বহিব পাৰিলোঁহেঁতেন। নতুন কামৰ কথা পাতিব পাৰিলোঁহেঁতেন। পাহৰি থকা এছোৱা সময় আকৌ পাগুলিব পাৰিলোঁহেঁতেন, হয়তো ‘ভূমি’খন আকৌ উলিওৱাৰ পৰিকল্পনাকে কৰিব পাৰিলোঁহেঁতেন।

 বৰ খৰধৰ নহ’লনে বাৰু? মুক্ত বতাহ এজাক হ’ল বুলিয়েইনো এনেকৈ মাত এষাৰ দিয়াৰ সুযোগ এটা নিদিয়াকৈ গুচি যাব লাগেনে!

 হাৱা ভাল চলা নাই বিপুলদা!

 আপুনি ৰৈ দিব লাগিছিল। এই পাতকী হাৱাই চাৰখাৰ কৰা পৃথিৱীখনত আমাৰ দৰে মানুহবোৰৰ কাৰণে আপুনি আৰু অলপ সময় ৰৈ দিব লাগিছিল।❐

(লেখক কবি, গল্পকাৰ আৰু মানৱ অধিকাৰ কৰ্মী)

খোজৰ শব্দ॥১৪৯