পৃষ্ঠা:Khojar Xabda.pdf/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আসক্তিয়ে মানৱতাক ভূ-লুণ্ঠিত কৰিলে। এটা সময়ত অস্ত্ৰধাৰী ৰাজনৈতিক নেতা হ’ল।ইচামক সিচামৰ বিৰুদ্ধে যুঁজাই ৰাজনৈতিক সুবিধা লাভ আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠন সমানে আগুৱাই গ’ল।

 ‘দখাৰ’ৰপৰা ‘কালান্তৰৰ কথকতা’ আৰু তাৰ পাছতো খাটনিয়াৰে মানৱীয় সম্পৰ্কবোৰ ছিন্ন-ভিন্ন হৈ যোৱা সময়ৰ কাহিনীত তুলি ধৰিছে। তাৰ মাজতো আশাবাদৰ সন্ধান তেওঁ কৰিছে। বিভিন্ন চৰিত্ৰৰ মাজেদি আশাবাদ জীয়াই ৰখাৰ চেষ্টা চলাই গৈছে। প্ৰচণ্ড দুঃসময়তো আশাৰ চাকি জ্বলাই ৰখা আৰু তাক উজ্জ্বলৰপৰা উজ্জ্বলতৰ কৰাৰ চেষ্টাৰ মাজতেতো মানৱীয় জীৱনৰ সাৰ্থকতা! তেওঁৰ লক্ষ্য বিচ্ছিন্নতাবাদী চিন্তাৰপৰা মানুহৰ মনবোৰ মুক্ত কৰা। এই প্ৰচণ্ড আশাবাদৰ সাধনৰ বাবেই বিপুল খাটনিয়াৰ নমস্য। পুঁজিবাদী কৰ্প’ৰেট তন্ত্ৰৰ জয় জয়কাৰৰ মাজত তেওঁ উপযুক্ত স্বীকৃতি নাপালে। কিন্তু ইতিহাসে দিশ সলাবই। মানৱতাৰ ধ্বজা গগনচুম্বী হ’বই। বিপুল খাটনিয়াৰ আৰু তেওঁৰ নিচিনা বহু সতীৰ্থই জ্বলোৱা ঢিমিক- ঢামাক চাকিবোৰ সেই সুদিনত সূৰ্যৰ দৰে জ্যোতিষ্মান হ’বই।

পূৰ্বপ্ৰকাশ
মুক্ত চিন্তা, ছেপ্টেম্বৰ, ২০২১

(লেখক এগৰাকী বিশিষ্ট চিন্তাবিদ আৰু নিৱন্ধকাৰ)

‘ডিফু’ৰ কোনোবা এখন গাঁৱত

১৩৮॥খোজৰ শব্দ