মুৰ্গীৰ চুৰুহা আৰু ভাল নোহোৱালৈকে সম্পূৰ্ণ জিৰণি। অন্ততঃ ছয়মাহলৈ।
এমাহ পাৰ হ’ল। দুমাহো। কিন্তু তৃতীয় মাহৰ আৰম্ভণিতে সি পুনৰ হাত দিলে হাতিয়াৰৰ টোপোলাত।
‘দাদা টকাখিনি উঠাই দিয়ক। দুই হাজাৰমান বেছিকৈয়ে দিয়ক; কামত কাটি ল'ব।’
উঠাই দিয়ক মানে নগদ ছয়-সাত হাজাৰ টকা, দুই হাজাৰ বেছিকৈ ধৰিলে এক হাজাৰ কম দহ হাজাৰ টকা।
বাণীকান্ত ল’ৰাটোৰ কামত ফাকি-ফুকা নাই, পুৱাতে পঁইতা-কৰকৰা যিহকে পায় তাকে খাই আহে। দুপৰীয়া কিবা এটা দিলেও খালে, নিদিলেও কথা নাই, কামৰ পৰা মূৰ নাদাঙে। সেয়ে হ’বপায় পৰিবাৰে সুভম মহন্তক এবাৰ ক’লেও, ‘দিয়ক। পাবলগাখিনিকে অন্ততঃ তাক দি দিয়ক। কালি কাম কৰি থাকোতেই সি এবাৰ গা বেয়া লগা বুলি কৈছিল।’
সুভম মহন্তই গৰ্গৰাই উঠিছিল, “কি লেৰেলা সাদৰ দেখুওৱা এইসব চোট লোকক।’
তেওঁৰ ভমক দেখি তাপ মাৰি ৰ’ল শ্ৰীমতী মহন্ত।
‘ক’লেই হ’লনে? পইচা আদায় দিলে পাবা নেকি মিস্ত্ৰীৰ পোৱালিক। তিৰি মানুহ, সংসাৰৰ কি আও-ভাও পোৱা?’
তিনিআলি চ’কৰ লেবাৰ মাৰ্কেটত কালাৰ ভিৰ এতিয়াও পাতলা নাই। কিমান যে মানুহ!
হাতে হাতে দা, টুকুৰি, কোৰ, ৰাণ্ডা, কৰণি। কান্ধত একোটা সৰু টোপোলা। মতাতকৈ মাইকী কাম্লাৰ সংখ্যাই সৰহ।
কেইটামান ডেকেৰুৱা ‘কাম্লা দালাল’ৰ হাতে হাতে মোবাইল; খৰখেদা, অশান্ত খোজ কাটল।
শুকান অলেখ মুখ।
অস্থিৰ— প্ৰতিটো মুহূৰ্ত।
‘বাবু!’
ৰৈ গ’ল সুভম মহন্ত।
এজন বৃদ্ধ খৰখেদাকৈ আগবাঢ়ি আহিছে। কান্ধত হাতিয়াৰৰ এটা গধুৰ জোলোঙা।
ঠিকেই, পুৱাৰ সেই আঁৰি-কুঁজা বুঢ়াজনেই।