পৃষ্ঠা:Khojar Xabda.pdf/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংঘৰ লগত যুক্ত হৈছিল। কিন্তু ভাৰতীয় গণনাট্য সংঘ এটা নিৰ্দিষ্ট মতাদৰ্শক লৈ গঠিত হৈছিল আৰু সেয়া আছিল কমিউনিষ্ট মতাদৰ্শ; সেই কথা জানিও কোনেও বিতৰ্ক কৰা নাছিল।

 বিপুল খাটনিয়াৰেও এক ৰাজনৈতিক মতাদৰ্শৰ ভিত্তিত গল্প ৰচনা কৰিছিল। বিপুল খাটনিয়াৰৰ চিন্তাধাৰা আছিল বস্তুবাদী। বস্তুবাদী চিন্তাৰ ক্ষেত্ৰত কাৰ্ল মাৰ্ক্সে কৈছিল, “মানুহে তেওঁলোকৰ জীৱনৰ সমাজ-সংগঠিত উৎপাদন কৰিবলৈ পৰস্পৰৰ লগত বিশেষ সম্পৰ্কত জড়িত হয়। এই সম্পৰ্কসমূহ মানুহৰ নিজৰ নিজৰ ইচ্ছামতে নহয়, এইসমূহৰ উৎপাদন সম্পৰ্ক বস্তুগত শক্তিবোৰ যি বিশেষ স্তৰত থাকে, উৎপাদন-সম্পৰ্কবোৰ সেই সেই স্তৰৰ অনুযায়ী হয়। এইসমূহ উৎপাদন সম্পৰ্কৰ মুঠ যোগফল হ’ল সমাজৰ অৰ্থনৈতিক আন্তঃগাঁথনি। এইটোৱে হ’ল সমাজৰ যথাৰ্থ বুনিয়াদ। আইনৰ বিধি-বিধান আৰু ৰাষ্ট্ৰীয় ব্যৱস্থা যেন এই বুনিয়াদৰ ওপৰত এক ইমাৰত। সামাজিক চেতনাৰ বিশেষ বিশেষ ধৰণসমূহ হয় এই ইমাৰত অনুযায়ী। বস্তুগত জীৱনৰ উৎপাদনৰ প্ৰণালী মানুহৰ সামাজিক-ৰাজনৈতিক আৰু বুদ্ধিগত জীৱন ক্ৰীড়াক সাধাৰণভাৱে নিৰ্ধাৰণ কৰে। মানুহৰ চেতনাই যে তেওঁলোকৰ সত্তাক নিৰ্ধাৰণ কৰে সেইটো নহয়, ইয়াৰ ওলোটাটোৱে সঠিক— তেওঁলোকৰ সামাজিক সত্তাই তেওঁলোকৰ চেতনাক নিৰ্ধাৰণ কৰে। এখন সমাজত উৎপাদনৰ বস্তুগত শক্তিবোৰৰ বিকাশ ঘটি ঘটি এনে এটা স্তৰত উপনীত হয় যেতিয়া সেই সময়ৰ স্থিত উৎপাদন সম্পৰ্কবোৰৰ লগত এই উৎপাদন শক্তিবোৰৰ দ্বন্দ্ব দেখা দিয়ে।” বিপুল খাটনিয়াৰৰ গল্পৰ বুনিয়াদ আছিল উক্ত তত্ত্ব। সমাজৰ এই দ্বন্দ্ববোৰ বস্তুবাদী চিন্তাধাৰাৰে তেখেতে অতি উচ্চস্তৰৰ ভাষাৰে গল্পত পৰিণত কৰিছিল। খাটনিয়াৰৰ গল্পৰ ভাষা সঁচাকৈয়ে লালিত্যপূৰ্ণ। লেখাৰ আগে সকলো লেখকেই তেওঁৰ পূৰ্বসূৰীসকলৰ প্ৰতি এটা মনোভাব থিক কৰি লয়। তাৰ পৰা কোনো কোনোৱে কিছু গ্ৰহণ কৰে, কিছু বৰ্জন কৰে। বিপুল খাটনিয়াৰেও অনেক বিশ্ববৰেণ্য গল্পকাৰৰ গল্প পঢ়িছিল তেওঁৰ লিখনি আৰম্ভ কৰাৰ আগতে। খাটনিয়াৰে তেওঁৰ ‘হাৱা ভাল চলা নাই’ শিৰোনামাৰ গল্প সংকলনখনৰ ‘গল্পকাৰৰ একাষাৰ'ত লিখিছে, “মোৰ ক্ষেত্ৰত, গল্প এটা যে প্ৰথমে ‘গল্প’ হ’বই লাগিব, এই দিশটোৰ প্ৰতি সচেতন হওঁতেই বহুত সময় উকলি যায়। পাছলৈ বিশ্বৰ ‘সেৰা’ গল্প কিছুমানৰ উদ্দেশ্যপূৰ্ণ অধ্যয়নে আকৌ ৰচনা ৰীতিৰ নিৰ্দেশ দিয়াৰ লগতে ‘ভাল’ আৰু ‘শক্তিশালী’ গল্পৰ মাজৰ ব্যৱধানৰ প্ৰতিও স্বাভাৱিকতে সচেতন কৰি তোলে। যেন এতিয়াহে মগজুৱে ঢুকি পায়, গল্প লিখাটো দৰাচলতে মামুলি কথা নহয়। এটা গল্প ভাল গল্প হৈও শক্তিশালী

খোজৰ শব্দ॥ ১২১