পৃষ্ঠা:Khojar Xabda.pdf/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগত ৰাখিয়েই প্ৰগতিশীল সাহিত্যৰ ধ্যান-ধাৰণাৰে পুষ্ট সমগ্ৰ অসমতে এচাম প্ৰগতিশীল লেখক সৃষ্টিৰ নতুন সাহিত্য পৰিষদৰ যি পৰিকল্পনা— খাটনিয়াৰেও সেই উদ্দেশ্য সফলকাম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

 ৰাজ্যিক সন্মিলনবোৰতো বিপুল খাটনিয়াৰে নিজৰ দায়িত্বৰ উপৰি ৰাজ্যৰ বিভিন্ন শাখাৰপৰা অহা প্ৰতিনিধিসকলৰ লগত আলাপ-আলোচনা কৰিছিল, শুশ্ৰূষা কৰিছিল। সুৰুঙা উলিয়াই ৰন্ধা-বঢ়া, খোৱা-বোৱাৰ ক্ষেত্ৰতো চকু ৰাখিছিল। নতুন সাহিত্য পৰিষদে এক নতুন গতি লাভ কৰিব পাৰে তাৰো চিন্তা-চৰ্চা কৰি কথা-বাৰ্তা হৈছিল।

 ব্যক্তি হিচাপেও তেওঁৰ লগত মোৰ সু-সম্পৰ্ক আছিল। কাৰ্বি আংলঙত চাকৰি কৰি থাকোঁতে ফুলি থকা কপৌফুলৰ গছএজোপা মোলৈ আনিছিল। আজিও কপৌফুল জোপা বসন্ত ঋতুত ফুলে। প্ৰতিপাহ ফুলে মোক সোঁৱৰাই দিয়ে বিপুলৰ নিৰ্মল হৃদয়ৰ মুখখন— সেই আপুৰুগীয়া হাঁহিটো।

 দীৰ্ঘদিন অসুস্থতাৰ অন্তত বিপুল খাটনিয়াৰৰ দেহাৱসান হ’ল। মৃত্যুৰ আগদিনা তেওঁৰ সামান্য মাত ওলাইছিল।

 —চিনি পাইছেনে?

 — পাইছোঁ। অস্ফুট কণ্ঠেৰে অতি কষ্টেৰে যেন কথা পাতিলে।

 —ভাল হ’ব, ভাল হ’ব চিন্তা নকৰিব। নিৰ্মমভাৱে মিছা আশ্বাসেৰে কথাখিনি কৈ মই আকৌ ফোন কৰাৰ আশ্বাস দি ফোনটো ৰাখিলোঁ।

 অসমৰ প্ৰগতিশীল সাহিত্যৰ অন্যতম বলিষ্ঠ কথাশিল্পী বিপুল খাটনিয়াৰৰ অকাল বিয়োগে অসমীয়া সাহিত্য জগতৰ বিশেষকৈ প্ৰগতিশীল ধাৰাটোৰ অপূৰণীয় ক্ষতি কৰিলে। খাটনিয়াৰ কেৱল লেখকেই যে আছিল তেনে নহয়— এজন সাহিত্য সংগঠকো আছিল। উন্নত শিৰ নত নোহোৱা লেখকজনৰ সৃষ্টিৰাজিৰ প্ৰকৃত মূল্যায়ন হোৱা নাই। এইক্ষেত্ৰত তেখেত প্ৰায় এলাগী হৈয়ে থাকিল।

 আজিৰ দেশৰ ৰাজনৈতিক, সামাজিক তথা সাংস্কৃতিক পৰিৱেশ অতি বিপদজনকভাৱে অস্থিৰ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰগতিশীল সাহিত্যকৰ্মী আৰু সংগঠনৰ ভূমিকা, দায়বদ্ধতা স্বীকাৰ কৰি গতিশীল কৰাৰ সময় আহি পৰিছে। নতুন প্ৰজন্মক উৎসাহিত কৰা, নতুন দৃষ্টিভঙ্গীৰে সমাজক চোৱাৰ দৃষ্টি প্ৰসাৰিত কৰাৰ দায়িত্ব প্ৰতিজন প্ৰগতিশীল বুদ্ধিজীৱীৰ। সেয়েহে বিপুল খাটনিয়াৰৰ ৰচনাৰাজি একত্ৰিত কৰি প্ৰকাশ কৰা আৰু প্ৰকৃত মূল্যায়নৰ প্ৰাসংগিকতা ইয়াতেই নিহিত হৈ আছে।❐

(লেখক এগৰাকী বিশিষ্ট গল্পকাৰ)

খোজৰ শব্দ॥১১৯