পৃষ্ঠা:Kamaratna Tantra.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

42

৪৯। অথ দেহৰঞ্জন।

 নাগেশ্বৰৰ কেশৰ, গন্ধবিৰিণাৰ মূল, শিৰীষ ফুলৰ মূল, নাৰিকলৰ পাত সবাকো। গুৰি কৰি গাত ঘহিলে ঘাম মোলয়। গন্ধবিৰিণাৰ মূল, কলীয়া অগৰু চন্দন, তেজপাত সমকৈ বাটি গাত লিপিলে সুগন্ধ হয়। ইতি দেহৰঞ্জন।

৫০। অথ মুখ সুগন্ধ কৰণ।

 ১। মহিষৰ খি, হালধি, ৰক্ত চন্দন সবাকো বাটি মুখত লিপিলে মুখ কান্তি কৰে।

 ২। মচুৰক মউ সহিতে বাটি সাত দিন মুখ ত লিপিলে মুখ সুন্দৰ হয়।

 ৩। শিমলিৰ কটা গাখিৰেৰে বাটি আঠ দিন গাত মুখত ঘঁহিলে গাৰ বিহফোঁহোৰা গুচে, মুখ সুন্দৰ আৰু সুগন্ধি হয়।

 ৪। সেত সৰিয়হ তিল খিৰেৰে বাটি সাত দিন মুখত লিপিলে মুখৰ লাল দূৰ হয়। ইতি মুখ সুগন্ধ কৰণ।

৫১। অথ কেশৰঞ্জন।

 ১। ঘিউ, ভৃঙ্গ ৰাজৰ মূলৰ ঠাৰৰ ৰস তেল সম কৰি পাই তেল ৰাখিব। নবীন ভাণ্ডত থৈ মাটিত পুতিব। মাসে অন্তৰে তুলি বতাহে নপৱা ঠাইত থব। মূৰত দি কলাপাতেৰে বেৰি ভৰণ লব সাত দিন। ভৰা গুচাই নিতে খিৰ খাব। কেশ দীৰ্ঘ হয়।