পৃষ্ঠা:Kamaratna Tantra.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

22



তৃতীয় পটল।

১৮। অথ জনসাধন।

 প্ৰথমে ত্ৰি-অক্ষৰীয় মন্ত্ৰ একশত জপিব। যাক জিনিব তাৰ নাম ধৰি সমক জিনিলো বুলি চকু উন্মিলন কৰি মৌন হৈ বহি অষ্টোত্তৰশত এই ত্ৰি-অক্ষৰীয়া মন্ত্ৰ জপিব। এতেকে সমক জিনিব।


১। অপৰাজিতাৰ মূল, বগা কাচমণিৰ মূল সমকৈ বাটি তিলক ললে স্বস্থানত জয়।


২। ডাঙৰ কলীয়া সৰ্পৰ মুণ্ড মাটিত পুতি তে কাচমণি ৰুব সি “গজি ডাঙৰ হলে মূল তুলি আনি বাটি তিলক লব। সবে তাক যম, হেন দেখে।


৩। জয়ন্তী ফুলৰ মূল মুখত ধৰিলে ৰাজকুলত জয়।


৪। আৰ্দ্ৰা নক্ষত্ৰত জামুক বা অআমৰ ৰঘুমলাৰ মূল কৰঙ্গনত বান্ধি ললে স্বস্থানত জয়।