পৃষ্ঠা:Kamaratna Tantra.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
12



১০। অথ সৰ্ব্বজন বশীকৰণ যন্ত্ৰ।

 যাৰণৰ ক্ৰম এই-স্ত্ৰীয়ে বাম অঙ্গে, পুৰুষে দক্ষিণ অঙ্গে। সুবৰ্ণৰ বা তাম্ৰৰ বা কুশৰ বা দুৰ্ব্বাৰ কলমে যন্ত্ৰ লেখিব। প্ৰথম যন্ত্ৰক অনামিকাৰ শোনিতে ভূৰ্জ্জপত্ৰত লেখিব। তাতে বালাৰ নাম লেখি বাহুত বা কণ্ঠত ধৰিলে কু পিৰিতি বশ হয়। দ্বিতীয় যন্ত্ৰক শ্ৰীফলত শ্ৰীফলৰ কণ্টকে লেখিব। তাতে নাম লেখি তেল পেৰা যন্ত্ৰৰ ভিতৰত থব। বালা আদিও বশ হৱে। তৃতীয় যন্ত্ৰক গোৰোচনাৰে ভূৰ্জ্জপত্ৰত লেখি তাতে যাৰ নাম লেখি বাহুত ধাৰণ কৰে সেয়ে বশ হয়। ইতি সৰ্ব্বজন বশ যন্ত্ৰ।


১১। অথ কেৱল বলা বশীকৰণ যন্ত্ৰ।

 প্ৰথম যন্ত্ৰক অনামিকাৰ ৰক্তেৰে কুঙ্কুম গোৰোচনাৰে চিত্ৰকৰ কাপেৰে ভূৰ্জ্জপত্ৰত লেখিব। তাতে বালাৰ নাম লেখিব। খৈৰাৰ আঙ্গাৰেৰে অগ্নিত তাপ দিব। বালা বশ হয়। ইতি বালাবশ যন্ত্ৰ।