পৃষ্ঠা:Kamaratna Tantra.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
10





৯। অথ বালা বশীকৰণ।

 প্ৰথমে বালা বশ মন্ত্ৰক অষ্টোত্তৰসহস্ৰ জপিব। কুঙ্কুম, জাতিচন্দন, গোৰোচনা, গাই খিৰ দি বাটি তাতে বালাবশ মন্ত্ৰ সাত বাৰ জপি তিলক ললে দৰ্শনে বালা বশ হয়। ভৰণী বা পুষ্যা নক্ষত্ৰত চম্পাৰ ৰঘুমলা আনি মন্ত্ৰিত কৰি বাহুত আৰিলে দৰ্শনে বালা বশ্য হয়। ইতি বালা বশীকৰণ।