পৃষ্ঠা:Kamaratna Tantra.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

102


৩। স্বচ্ছন্দ ভৈৰৱী মন্ত্ৰ অষ্টোত্তৰশত জপি মহাকাল মন্ত্ৰ সাপে খোৱাক কোবাব। তাত নুগুচিণে সেই মন্ত্ৰ জলত জপি জল খুৱালে বিষ গুচে।


৪। তেজপিয়াৰ দন্ত বগা সূতাৰে মেৰাই বাহুত বান্ধিলে বিষ খালে বিষ নালাগে, বিষো গুচে। বিষাল সকলে খাইবে নপাৰে, মুখ স্তম্ভে।


৫। অবিবাহিতা কন্যাই কটা সূতাতে সবৰ মন্ত্ৰ অষ্টোত্তৰশত জপি হাতত বান্ধিলে সৰ্পে নাখায়, পলায়।


৬। মাটি হাতত লৈ সৰ্পকুল নিবাৰণ মন্ত্ৰ সাত বাৰ জপি তাক ঘৰত সিঞ্চিলে সৰ্প নোসোমায়।


১২৩। অথ বিছা, ছেলা আদিৰ বিষ নিবাৰণ।

১। আকণ অ'ঠা, ঘিউ লিপি দিলে বিষ গুচে।


২। কৱচ মন্ত্ৰ সাত বাৰ জপিলেও গুচে।


১২৪। অথ কুকুৰৰ বিষ নিবাৰণ।

১। গুৰ, ওল, আকণৰ আঠা পিহি দিলে গুচে।