পৃষ্ঠা:Kamaratna Tantra.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

100


৩। কলীয়া বিড়ালীৰ ঘৰমুখত কলীয়া ৰাতিমণি থৈ পুতিব। সেই গছ গজি গুটি ধৰিলে সেই কাচমণি মুখত ললে কেৱেঁ নেদেখে।


৪। মৃগশিৰা নক্ষত্ৰত সউৰাৰ ৰঘুমলা আনি ফঁ‌ফাল বস্তুৰ ভিতৰত ভৰাই সেই বস্তু নিলে কেৱে নেদেখে। ইতি অদৃশ্যকৰণ।


১২২। অথ বিষজাৰা মন্ত্ৰ।

মাঘ মাসা মঙ্গলবাৰ পূৰ্ণিমা তিথি।
সাত ঘটি বেলা গৈলে তোৰ উৎপত্তি॥
উপজিয়া বিষ ত্ৰিদশে ধাইলা।
হতে তুলি বিষ মহাদেৱে খাইলা॥
বিষ খাওঁ, বিষ ভক্ষো, বিষ কৰো পান।
আপোনাৰ উৎপত্তি শুনিয়া বিষ হৈ যা নিৰ্য্যান।
খাৱন, পিয়ন, অশুদ্ধ হাত।
অমুকাক ৰক্ষা কৰে শ্ৰীগোৰক্ষ নাথ॥

১। এই মন্ত্ৰ জলত জপি তিনি বাৰ জল খুৱালে বিষ গুচে।


২। আকণবিন্ধিৰ মুলৰ ৰস, কাচমণিৰ মূল বাটি খুৱালে বিষ গুচে।