পৃষ্ঠা:Kamaratna Tantra.djvu/১০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

92


১। জহা চাউলৰ গুৰি, তেতেলিৰ মূল, কৰবীৰৰ মুল, ঔৰ মূল ইহাৰ একৈ কৰ মূল দন্তে চেপি ধৰিলে দান্ত বহে।

২। সিজুৰ মূল দাস্তত ধৰিলে দান্ত পোক গুচে।

৩। শিলিখাৰ ৰস, মৌ তাম্ৰ পাত্ৰত পাই থিৰ মাটি মিহলাই বড়ি কৰি দান্তত ধৰিলে পোক মৰে।

৪। বকুলৰ গুটি, কুচ মণি দান্তত লব, দান্ত দৃঢ় হয়। ইতি দন্ত দৃঢ়কৰণ।


১১৫। অথ কৰ্ণ দোষ নিবাৰণ।

১। তালমূলিৰ গুটি জগন্নাথ তিতাৰ গুটি খাইলে কলা গুচে।

২। সেত সৰিয়হ, কটা বেঙেনাৰ মূল, বনসঠৰ মূল, ছাগৰ খিৰেৰে বাটি কাণত দিলে কলা গুচে।

৩। তালমূলিৰ মূল গুৰি কৰি মহিষৰ খিৰৰ চামনিৰে নবীন ভাণ্ডতকৈ বালিত সাত দিন পুতি থৈ কাণত দিলে কলা গুচে।

৪। ৰাতিমণিৰ মূলৰ গুৰি মহিষৰ খিৰেৰে মিহলাই খাব। তাৰে দধিৰ চামনি কাণত দিলে কলা গুচে। ইতি কৰ্ণদোষাদি নিবাৰণ।


১১৬। অথ বহু আহাৰকৰণ।

১। সন্ধ্যা বেলিত তেতেলি বৃক্ষ সৰ্ব্বভূত মন্ত্ৰে মন্ত্ৰিত কৰি আন দিনা তাৰে ফুল আনি মালা পিন্ধি বিবস্ত্ৰে ভোজন কৰিব, ভীমৰ সমান খাব পাৰে।