এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বাৱধান গুচি যিদিনা তোমাৰ
দ্বৈতবাদৰ মীমাংসা হব.
সিদিনা মিলিব মহান ঐক্য
(এই) সৃষ্টি তোমাৰ উলটিব ।
*
সৃষ্টি তোমাৰ উলটিব প্ৰভু !
তোমাৰ সৃষ্টি উলটিব
পুৰুষ হব স্ত্ৰী-ভাবাপন্ন
পুৰুষৰ ভাৰ স্ত্ৰীৰ হব ।
প্রভু! সৃষ্টি তোমাৰ উলটিব।
*
পুৰুষে সাধিছে স্ত্ৰী ৰূপগুণ
আৱ-ভাৱ আদি পৰকিতি ;
স্ত্ৰীয়ে উলটি সাধিছে সিদৰে
পুৰুষ-স্বভাৱ গঢ়-গতি।
এই সাধনাৰ উদ্দেশ যি দিনা
শ্ৰী-পুৰুষৰ সিদ্ধি হব,
প্রকৃতি-পুৰুষ ভেদাভেৱ ভাব
প্ৰভূ! সৃষ্টি তোমাৰ উলটিব।
*
প্ৰভূ! তোমাৰ সৃষ্টি উলটি।
জ্ঞান বিজ্ঞানৰ চৰ্চ্চা নশ্বৰ
এদিন নিশ্বয় অন্ত হব,