এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যিজনে আপোনাৰ শৰনত আহে তেওঁ আনন্দ প্ৰাপ্ত কৰে আৰু আপুনি ৰক্ষক যেতিয়া ভয়ৰ একো কাৰণ নাই।

আপন তেজ সংহাৰো আপৈ।
তিনিলোক হাকতে কাঁপৈ।

 আপোনাৰ বাহিৰে কোনেও আপোনাৰ গতি ৰোধ কৰিব নোৱাৰে। আপোনাৰ গৰ্জ্জনত তিনিও লোক কঁপি যায়।

ভূত-পিশাচ নিকট নহী আৱৈ।
মহাবীৰ জব নাম সুনাৱৈ॥

 য’ত মহাবীৰ হনুমানজীৰ নাম শুনোৱা হয় তাত ভুত-পিশাচ কোনো আহিব নোৱাৰে।

নাসৈ ৰোগ হৰে সব পীৰা।
জপত নিৰন্তৰ হনুমত বীৰা॥

 বীৰ হনুমানজী! আপোনাক নিৰন্তৰ জপ কৰিলে সকলো ৰোগ নাইকীয়া হয় আৰু দুখ-কষ্ট পীড়া লাঘৱ হয়।

সংকটত হনুমান ছুৰাৱৈ।
মনক্ৰম বচন ধ্যান লাৱৈ॥

 হে, হনুমানজী বিচাৰ কৰাত, কৰ্ম কৰাত আৰু কথা কোৱাত যাৰ ধ্যান মনলৈ আহে তেওঁক আপুনি সকলো সঙ্কটৰ পৰা ৰক্ষা কৰে।

সব পৰ ৰাম তপস্বী ৰাজা।
তিনকে কাজ সকল তুম সাজা।

 তপস্বী ৰাজ ৰামচন্দ্ৰজী সকলোতকৈ শ্ৰেষ্ঠ, তেওঁৰ সকলো কাৰ্য্য আপুনিয়ে সহজ কৰি দিলে।

ঔৰ মনোৰথ জো কোই লাৱৈ।
সোই অমিত জীৱনফল পাৱৈ॥

 যিজনৰ ওপৰত আপোনাৰ কৃপা হয়, তেওঁ যি অভিলাষা কৰে সেই ফল পাই।

হনুমান চালীসা পৃষ্ঠা # ৫