পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥চ॥

সম্বন্ধে প্ৰকাশিত দুই-এটি তথ্যতে বিসঙ্গতি দেখা পাইছোঁ। সেইবাবে আমাৰ লিখনীৰ সকলোেবোৰ কথা সকলোৰে মনঃপুত নহবও পাৰে। আমাৰ যুক্তি-যুক্ততা যথাস্থানত উল্লেখ কৰি যোৱা হৈছে।

 বিষয়বস্তুৰ পৰা আঁতৰি যোৱা যেন দেখা গলেও সাধাৰণ পাঠকৰ বুজিবলৈ সুগম হব বুলি ভাবি দুই-চাৰিটা দিশত আমি মূল উৎস-ধাৰাৰ আভাস দিবলৈ যত্ন কৰিছোঁ। তাৰ বাবে কেবাখনো মূল্যবান গ্ৰন্থৰ সহায় লবলগীয়া হৈছে। বিভিন্ন সময়ত লিখা বিভিন্ন গৰাকীৰ আলোচনী, সাময়িক পত্ৰিকা আদিৰ পাতত সন্নিবিষ্ট কলা-সংস্কৃতিমূলক প্ৰবন্ধও আমাৰ সহায়ত আহিছে।

 বৰ্ত্তমানে দেৱালয়ৰ তথ্য সংগ্ৰহত ব্যক্তিগতভাৱে দেৱালয়ৰ দলৈ শ্ৰীযোগেন্দ্ৰ নাথ শৰ্ম্মাৰ পৰা যথেষ্ট সাহায্য হৈছে। গণাগাৱঁৰ শ্ৰীশশীমোহন শৰ্ম্মাদেৱে ৰঘুবৰ ব্ৰাহ্মণৰ বংশাৱলীখন দি আমাক নথৈ উপকৃত কৰিছে। দেৱদাসী নৃত্যৰ ক্ষেত্ৰত পাঠশালাৰ প্ৰবীণ শিল্পী শ্ৰীৰত্নকান্ত তালুকদাৰে মূল্যবান পৰামৰ্শ আৰু লাগতিয়াল তথ্য-পাতিৰ যোগান ধৰি আমাৰ পৰিশ্ৰম বহুখিনি উজু কৰি দিছে। তদুপৰি শেষ দেৱদাসী ৺কৌশল্যা বালাৰ পৰাও (জীৱিত কালতে ) আমাৰ কিছু কথা সংগ্ৰহ কৰি থোৱা আছিল। বৰ্ত্তমানে জীয়াই থকা দেৱদাসী নাচৰ খোল-বাদক ডুবি গাৱঁৰ শ্ৰীলোহিত চন্দ্ৰ বায়নে বাস্তৱ অভিজ্ঞতাৰ পৰা দেৱদাসী নৃত্য সম্পৰ্কে যোগান ধৰা কেইটিমান কথাই কিতাপৰ তথ্যৰ পৰিসৰ বৃদ্ধি কৰিছে।

 তদুপৰি দেৱালয়ৰ প্ৰতি অনুৰাগসম্পন্ন কেবাগৰাকী ব্যক্তিয়ে ইতিবৃত্ত প্ৰণয়নৰ ক্ষেত্ৰত উৎসাহ দান কৰিছে। বিশেষকৈ সাহিত্যসেৱী শ্ৰীহৰেন শৰ্ম্মাদেৱে আৰম্ভণিৰে পৰা লগে লগে থাকি যথেষ্ট সহায় কৰিছে। গণাগাওঁ নিবাসী শ্ৰীযোগেন্দ্ৰৰ পৰাও বহুত সহায় পাইছোঁ। এই ছেগতে উক্ত আটাইকেইগৰাকী গুণগ্ৰাহী ব্যক্তিৰ ওচৰত ঋণ স্বীকাৰ কৰিছোঁ।