পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বজালী।

 বৰ্ত্তমানে বজালীৰ কেবাঠাইতো সাৰ্বজনীনভাৱে দৌল-উৎসৱ, ৰাসযাত্ৰা, দুৰ্গাপূজা, লক্ষ্মীপূজা আদি পালন কৰা হয়। এই উৎসৱ- বোৰে আমাৰ সমাজৰ গণজীৱনত জীৱনবোধ জগাই তোলাত সহায় কৰি আহিছে।

 বজালীৰ পূবে কালদিয়া আৰু পশ্চিমে পোমাৰা নদী উত্তৰা- দক্ষিণাকৈ বৈ গৈছে। পাঠশালাত ৰেলষ্টেচন স্থাপন হোৱাৰ আগলৈকে এই অঞ্চলৰ সকলোবোৰ যাতায়াত, বেহা-বেপাৰ এই নদী দুখনেৰে চলিছিল। পোমাৰা নদীৰ সৈতে কেবাটিও ঐতিহাসিক কাহিনীও জড়িত আছে।

 বজালীৰ প্ৰাচীনতম বাসিন্দা কোন কব নোৱাৰিলেও জনজাতীয় সম্প্ৰদায়টো যে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই ইয়াত আছে, সেইটো ঠিক মহাৰাজ নৰনাৰায়ণে গোহাঁইকমল আলিৰ উত্তৰ ফালটো জনজাতীয়সকলৰ বাবে স্ব-ধৰ্ম আৰু সংস্কৃতি পালনৰ সীমা দিয়াৰ পৰা ( দৰং ৰাজবংশাৱলী ) এই কথা প্ৰতীয়মান হয়। আজিও উত্তৰ ফালে জনজাতীয় লোকৰ সমষ্টি কম নহয়। এসময়ত একেবাৰে উত্তৰ অঞ্চলত ভূটীয়া লোকো আছিল।

 বজালীৰ অন্য সম্প্ৰদায়ৰ লোকসকল বোধহয় পিচত অহা। পুৰণি দান-পত্ৰ আদিৰ পৰা দেখা যায়, এই অঞ্চলৰ অধিক সংখ্যক ব্ৰাক্ষণেই ৰজাসকলৰ দ্বাৰা স্থাপিত। ডুবিৰ তামৰ ফলিত কোনোবা এগৰাকী ঘোষ উপাধিধাৰী ব্ৰাহ্মণক ৰজা ভাস্কৰবৰ্ম্মাই মাটি দান কৰাৰ কথা উল্লেখ আছে। ৰাষ্ট্ৰবিল্পৱ আদিতো আগৰ দিনত মানুহে বাসস্থানৰ সাল-সলনি কৰিছিল। বজালীতে থকা মুছলমান সম্প্ৰদায়ৰ লোকসকলক গৰীয়া বোলা হয়। তেওঁলোক ‘গৌৰ’ দেশৰ পৰা অহা বুলি বুৰঞ্জীয়ে কয়। এই সম্প্ৰদায়ৰ ভিতৰত থলুৱা হিন্দু লোকাচাৰো কিছু প্ৰবেশ কৰিছে। মান-ভগনতো আন ঠাইৰ পৰা বহু লোক আহি বজালীত আশ্ৰয় লৈছিল। ১৮৯৭ চনৰ ভূমিকম্পৰ সময়তো কিছুমান পৰিয়াল আহে। বজালীৰ