পৃষ্ঠা:Dihanamorhombhar2010.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
দিহা নামৰ সম্ভাৰ

হেন শুনি পাছে  ক্ৰোধে দৈত্যৰাজ
 জ্বলি গৈল অহংকাৰী,
মাটিত লাগিয়া পুত্ৰক পেহলাইলা
 কোলাৰ পৰা আচাৰী।

ভাঙনি ঘোষাঃ-

প্ৰহ্লাদে ঈশ্বৰত ভকতি কৰিলে
 মানি ইটো শুদ্ধ পন্থা।
গুৰুকো তেজিলে পিতৃকো এৰিলে
 জানি কুল ধৰ্ম্ম মিছা॥

পদঃ-

ৰাক্ষস গণক ক্ৰোধে আদেশয়
 মাৰ পাপীষ্ঠক বেঢ়ি,
ভাতৃ বৈৰী বিষ্ণু তাকেসে সেৱয়
 আমাৰ সৌহাদ্য এৰি।
প্ৰচণ্ড আদেশ শুনিয়া অশেষ
 ৰাক্ষস উঠিল ৰাগী,
হাতে ক্ষুৰ ধৰি খেখট্ কৰিয়া
 ধাইলা প্ৰহ্লাদক লাগি।
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
 দিলেক শূলৰ ঝাক,
বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰে
 কটাক্ষো নকৰে তাক।