এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁক থিয়েটাৰৰ পৰা বাদ দিব নিবিচাৰিলে। নিজৰ স্বাৰ্থত আঘাত লাগিব পাৰে বাবে ইমান দিনে সহজ-সৰল ভদ্ৰলোকৰ স্বৰূপ দেখুৱাই অহা প্ৰযোজকে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি উঠিল। বাধা আহিল থিয়েটাৰৰ মূল অভিনেতা গৰাকীৰ পৰা— যিগৰাকী বিবাহিত অভিনেতাই এই অভিনেত্ৰী গৰাকীক মাজে-সময়ে ৰক্ষিতাৰ দৰে ব্যৱহাৰ কৰি আছিল; বাধা আহিল অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ পৰা — যিসকলৰ বাবে অভিনেত্ৰী গৰাকী আছিল অৰ্থ উপাৰ্জনকাৰী যন্ত্ৰ মাথোন। অভিনেত্ৰী গৰাকীৰ পক্ষত থিয় দিলে থিয়েটাৰৰ এগৰাকী প্ৰবীণা অভিনেত্ৰীয়ে, যিয়ে জীৱনৰ সোণালী কালছোৱা থিয়েটাৰতে অতিবাহিত কৰি এতিয়া বয়সীয়াল নাৰী চৰিত্ৰত অভিনয় কৰে। সমৰ্থন আহিল থিয়েটাৰৰ নাট- পৰিচালক গৰাকীৰ তৰফৰ পৰা। এই দ্বন্দৰ মাজেৰে চিত্ৰনাট্যকাৰ-পৰিচালকে নিজৰ সিদ্ধান্তত উপনীত হৈছেগৈ।

 অভিনেত্ৰী গৰাকীৰ প্ৰথম যৌৱনৰ দিনবোৰ আছিল কলংকময়। থিয়েটাৰ জীৱনতো তাৰ ব্যতিক্ৰম ঘটা নাছিল⸺ মাথোন গ্লেমাৰ আৰু অৰ্থনৈতিক স্বাধীনতা প্ৰাপ্তিয়ে সেই দিশটোত এটি আৱৰণ দি ৰাখিছিল। এই জীৱনৰ পৰা তেওঁ মুক্তি লাভ নকৰিলে নেকি? যদি মুক্তিৰ পথ তেওঁ বিচাৰি পাইছেই, তেন্তে অইনে নিজৰ স্বাৰ্থত আঘাত লগা বাবেই তেওঁৰ মুক্তি পথত বাধা দিয়াৰ কাৰণ কি? এজনৰ সাময়িক দুৰ্বলতাক আন লোকে সদায়েই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ব্যৱহাৰ কৰিব বিচৰাটো কিমান যুক্তিসংগত?

 স্বাৰ্থপৰ মানুহৰ বিভিন্ন ৰূপো এই কাহিনীৰে উন্মোচিত কৰা হৈছে। সকলো স্বাৰ্থৰ ভিতৰত যে অৰ্থনৈতিক স্বাৰ্থই মূল সেই কথাটি চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰতিপন্ন কৰাইছে থিয়েটাৰৰ প্ৰযোজক, অভিনেত্ৰী গৰাকীৰ মাক-দেউতাক, ভায়েক-ভনীয়েকৰ চৰিত্ৰৰ মাজেৰে। প্ৰযোজক গৰাকীৰ অৰ্থনৈতিক স্বাৰ্থৰ কথাটো পোনপটীয়া আৰু স্পষ্ট। যিটো পৰিয়ালে প্ৰথমে যুৱতী গৰাকীক থিয়েটাৰলৈ অহাৰ ক্ষেত্ৰত বাধা দিছিল, সেই পৰিয়ালটোৱেই পিচত যুৱতী গৰাকীক

থিয়েটাৰ এৰি যাবলৈ মানা কৰিলে; কাৰণ যুৱতী গৰাকীৰ অৰ্থ উপাৰ্জন

৭৬