এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


স্নান কৰি দিছে।

 দৃশ্য আৰু সংলাপ ৰচনাত মিতব্যয়ী আচৰণে যেনেদৰে চিত্ৰনাট্যখন নিৰ্মেদ আৰু আটিল কৰি তুলিছে, তেনেদৰে বিভিন্ন বিপৰীত সুৰৰ দৃশ্য ৰচনাই চিত্ৰনাট্যখন বহুমাত্ৰিক কৰি তোলাত সহায় কৰিছে। পক্ষপাতহীন বৰ্ণনা, ঈষৎ ব্যঙ্গ আৰু অনুৰণন তুলিব পৰা দৃশ্যৰ সমাবেশে চিত্ৰনাট্যখনক জীৱন্ত কৰি তলিছে

 চৰিত্ৰ চিত্ৰনৰ ক্ষেত্ৰত এইবাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়াই সকলো দিশৰ পৰাই পৰিপক্কতাৰ চিন দাঙি ধৰিছে। ছবিখনৰ মূল চৰিত্ৰটোৱেই সৰ্বাধিক অংশ দখল কৰি আছে। সুখ-দুখ, আশা-আকাংখ্যা, বেদনা, পৰিয়ালৰ প্ৰতি দায়িত্ববোধ, নিজৰ কৰ্তব্য সচেতনতা, মান-অপমান, চিন্তা, কল্পনা আদি যিমানবোৰ উপাদন এজন মানুহৰ জীৱনত থাকিব পাৰে, সেই আটাইবোৰকেই নিৰঞ্জন দত্তৰ চৰিত্ৰৰ মাজেৰে প্ৰকাশ কৰিছে। ইমান ব্যপ্তি আৰু মাত্ৰা থকা চৰিত্ৰ অসমীয়া ছবিত এইটোৱেই প্ৰথম। ভাৰতীয় ছবিতে এনে চৰিত্ৰৰ সংখ্যা বৰ কম হ’ব।

 শৈশৱৰে পৰা সাহিত্য ৰচনাত আত্মনিয়োগ কৰা ড॰ ভবেন্দ্ৰনাথ শইকীয়াই সাৰথি লেখি উলিয়াবলৈকে অলেখ চৰিত্ৰৰ জন্ম দি আহিছে। এই নিৰবচ্ছিন্ন সাধনাৰ মূৰতহে এনে এটি চৰিত্ৰৰ জন্ম সম্ভৱ হৈছে। অকল কলমৰ দ্বাৰা ৰচনা কৰিয়েই ড॰ ভবেন্দ্ৰনাথ‍ শইকীয়া ক্ষান্ত থকা নাই, অভিনয়ৰ যোগেৰেও চৰিত্ৰটিক আকৌ এবাৰ সৃষ্টি কৰা হৈছে। যৌৱনৰ পৰা পৌঢ়ত্বলৈকে এই বিশাল সীমাৰেখাৰ চৰিত্ৰটো ৰূপায়ণ কৰোঁতে অভিনেতা অৰুণ নাথে যথেষ্ট দক্ষতাৰ চিনাকি দিছে।নিৰঞ্জন দত্তই বাস্তব জীৱনত হাঁহি ফুৰ্তি কৰি সকলোকে আনন্দত ৰাখিব বিচাৰে, গতিকে স্বাভাবিক ভাবেই এই অংশত তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্য নিসংগ, অল্পভাষী আৰু অন্তৰ্মুখী। বাস্তবৰ নিৰঞ্জন দত্তৰ চঞ্চলতা কল্পনাৰ দৃশ্যবোৰত নাই। ইয়াৰ অৰ্থ এইটোৱেই যে বাহিৰৰ নিৰঞ্জন দত্ত আৰু ভিতৰৰ নিৰঞ্জন দত্ত দুজন বেলেগ মানুহ। কাহিনীৰ পৰা অনুমান কৰিব পাৰি যে বাস্তৱত নিৰঞ্জন দত্ত অন্তৰ্মুখী আৰু কল্পনাৰ নিৰঞ্জন অধিক দত্ত অধিক বৰ্হিমুখী হ’ব

৭১