এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সাধনাই আমাক উৎফুল্লিত আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিছে। বক্স অফিচৰ চোতাল আন্দোলিত কৰাত বাৰে বাৰে তেওঁ ব্যৰ্থ হৈ আহিছে। তথাপিতো তেওঁ কেতিয়াও নিজ পথৰ পৰা বিচ্যুত হোৱা নাই। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুটলি অনা বঁটাবোৰে তেওঁৰ কিৰিটিত একোটি সোণালী পাখি গুজি দিছে। কিন্তু যি ঠাইৰ মানুহৰ মুখৰ ভাষা আৰু অন্তৰৰ কথাৰে তেওঁ ছবি নিৰ্মাণ কৰিছে- সেই ঠাইৰ মানুহে তেওঁৰ ছবিবোৰ এতিয়াও আদৰি লোৱা নাই। এগৰাকী দায়বদ্ধ শিল্পীৰ বাবে এইটো বৰ কৰুণ আৰু বেদনাদায়ক অভিজ্ঞতা। কুৰুচিপূৰ্ণ আৰু অসৎ উদ্দেশ্যপ্ৰণোদিত ব্যৱসায়িক কলাৰ ৰাজত্ব চলি থকা পৃথিৱীত এয়াই স্বাভাৱিক। এই পৰিবেশৰ সলনি কৰিবলৈ জাহ্নু বৰুৱাৰ দৰে পৰিচালকে দিবা ৰাত্ৰি চেষ্টা চলাই আহিছে। কিন্তু অকল স্ৰষ্টাৰ আন্তৰিক প্ৰচেষ্টাই যথেষ্ট নহয়। শিল্পৰসিকৰ আগ্ৰহো সমানেই জৰুৰী। ই আশাৰেই জাহ্নু বৰুৱাৰ দৰে পৰিচালকে ছবি নিৰ্মাণ কৰি আহিছে, কৰি থাকিব।

 জাহ্নু বৰুৱাৰ ছবিৰ আৰু এটি দিশৰ কথা অসমৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব পাৰে। কাৰিকৰী দিশৰ সফল প্ৰয়োগেৰে পেছাদাৰী দক্ষতাৰে নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি আছিল ইন্দু কল্প হাজৰিকা পৰিচালিত ‘মানৱ আৰু দানৱ’। পুনা ফিল্ম ইন্সটিটিউটৰ পৰা শিক্ষালাভ কৰি আহা ইন্দুকল্প হাজৰিকাৰ বাবে এয়া আছিল স্বাভাবিক আচৰণ। তাৰ পূৰ্বৰ অসমীয়া ছবিবোৰ কাৰিকৰী দিশত পেছাদাৰী দক্ষতা দেখা পোৱা গৈছিল। ‘মানৱ আৰু দানৱ’ আছিল সম্পূৰ্ণ বিনোদনধৰ্মী ছবি।

 অপৰূপাৰ পূৰ্বে নিৰ্মিত গহীন বিষয়ৰ অসমীয়া ছবিবোৰতো যান্ত্ৰিক দিশত পেছাদাৰী দক্ষতাৰ অভাব সদায়েই আছিল। অপৰূপাতেই আৰম্ভ হয় গহীন বিষয়ৰ ছবিকো পেছাদাৰী দক্ষতাৰে নিৰ্মাণ কৰাৰ প্ৰয়াস। এয়া আছিল এক সবল আৰম্ভণি। সীমিত বাজেটৰ মাজতো জাহ্নু বৰুৱাই এই প্ৰয়াস অব্যাহত ৰাখিছে। জাহ্নু বৰুৱাৰ পথেৰে আগবাঢ়ি গৈ পিচত কেবাগৰাকীও পৰিচালকে ছবি নিৰ্মাণত পেছাদাৰী দক্ষতা প্ৰদৰ্শনৰ চেষ্টা কৰি আহিছে। অসমীয়া ছবিৰ বাবে জাহ্নু বৰুৱাৰ এই অৱদান সদায়ে স্বীকাৰ কৰিব লাগিব।

 
৬৪