এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নকল কৰা হৈছিল আৰু সেই সুৰৰ গীতবোৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু এখন ছবিৰ আটাইবোৰ গীতেই সকলো ধৰণৰ শ্ৰোতাকে আকৰ্ষিত কৰিব পৰাটো প্ৰথম বাৰৰ বাবে ৰোজাৰ ক্ষেত্ৰত সম্ভৱ হৈছিল। ‘ৰোজা’ হিন্দীলৈ ডাব কৰা হৈছিল আৰু ছবিতকৈ ছবিৰ গীতবোৰেহে অধিক আলোড়নৰ সৃষ্টি কৰিছিল।

 ৰোজাৰ পূৰ্বে ‘অঞ্জলি’, ‘অপূৰ্ব সহোদৰাৰুগাল’ ছবি (সংগীত পৰিচালক— ইল্লিয়া ৰাজা), ক্ষণক্ষণম (সংগীত পৰিচালক— ডঃ কিৰৱাণী) আদি ছবি হিন্দীলৈ ভাব কৰা হৈছিল। ইল্লিয়া ৰাজাৰ দৰে কিম্বদন্তী সুৰকাৰে সুৰ কৰিছিল ‘সদমা’, ‘মহাদেব’, ‘কামাগ্নি’ আদি ছবিৰ বাবে। অপূৰ্ব সুন্দৰ সুৰৰ সমাবেশ হোৱা সত্বেও এই ছবিৰ গীতবোৰে ব্যাপক সমাদৰ লাভ কৰা নাছিল। উত্তৰ ভাৰত মূলতঃ লোক সংগীতৰ দেশ; পোনপটিয়া আৰু সহজে গুণগুণাব পৰা সুৰ ইয়াৰ শ্ৰোতাৰ বাবে অধিক আকৰ্ষণৰ বস্তু। কিন্তু ইল্লিয়া ৰাজা বা ডঃ কিৰৱাণীৰ সুৰ ৰচনাৰ মূল আধাৰ কৰ্ণাটকী শৈলীৰ। তেনে সুৰত কণ্ঠ-নৈপুণ্যৰ প্ৰকাশ অতি জৰুৰী। শাস্ত্ৰীয় সংগীতৰ দেশ দক্ষিণ ভাৰতৰ সংগীতপ্ৰেমী শ্ৰোতাৰ বাবে সেইবোৰ সুৰ প্ৰিয়; কিন্তু উত্তৰ ভাৰতৰ শ্ৰোতাৰ বাবে সেইবোৰ পৰিচিত নহয়। এ. আৰ. ৰহমানে ‘ৰোজা’ৰ গানেৰে এই সকলো সীমাবদ্ধতা অতিক্ৰম কৰিব পৰা বাবে তেওঁ এই বিৰল সাফল্যৰ অধিকাৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰিছিল।

 ‘ৰোজা’ৰ গীতবোৰ আছিল লোক-সংগীতৰ উদ্দামতাপূৰ্ণ আৰু পেনপটিয়া; কৰ্নাটকী শাস্ত্ৰীয় সংগীতৰ গায়ন পদ্ধতিৰ পৰা মুক্ত। তাৰ লগতে আছে ব্যাপক নাটকীয় ভংগিমা। উচ্চগ্ৰামৰ যন্ত্ৰসংগীতৰ প্ৰয়োগ আৰু এই সংগীত ৰচনাত ব্যৱহাৰ কৰা ‘অৰ্কেষ্ট্ৰেশন’ গীতবোৰৰ অন্য এক বিশেষত্ব। বিজ্ঞাপনৰ ছবিৰ বাবে সংগীত ৰচনা কৰাৰ দীৰ্ঘদিনৰ অভিজ্ঞতা থকা ৰহমানে জানে কেনেদৰে শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিব লাগে আৰু কেনেদৰে শ্ৰোতাৰ মনৰ গভীৰত প্ৰবেশ কবিব লাগে। এই সমগ্ৰ উপাদানৰ মিশ্ৰণে ‘ৰোজা’ৰ গীতবোৰক সৰ্বভাৰতীয় শ্ৰোতাৰ গ্ৰহণযোগ্য কৰি তোলাত সহায় কৰিছিল।


১২০