এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আশীৰ্ব্বাদ

 ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহৰ ধৰ্ম্মমূলক সাধুকথাবিলাক বাদ দিলে পঞ্চতন্ত্ৰৰ সাধুকথাবিলাকেই সভ্য জগতৰ আদি সাধুকথা। এই পঞ্চতন্ত্ৰৰ পাছৰে পৰা সাধুকথা, উপকথা, চুটিগল্পই সভ্যদেশসমূহৰ সাহিত্যত আসন লাভ কৰিবলৈ ধৰে; আৰু গ্ৰীচ, ফ্ৰাঞ্চ, ইংলণ্ড আদিত গল্প-সাহিত্যৰ আসন আৰু জাকত জিলিকা হয়।

 পাশ্চাত্য সাহিত্যৰ লগত সম্পৰ্ক ঘটাৰ পাছৰে পৰা ভাৰতীয় ভাষাৰ লেখকসকলেও মানৱৰ প্ৰাণৰ সুখ-দুখ, হৰ্ষ-বিষাদ আদি অনুভূতিবিলাকক গল্পৰ সাজন-কাচনেৰে সজাই-পৰাই সাহিত্যলৈ এটি নতুন অৱদান দিবলৈ ধৰে। ফল স্বৰূপে, গল্প, সাধুকথা আদি পুৰণি হৈয়ো আমাৰ এটি বিশিষ্ট আৰু নতুন সম্পদ হৈ পৰিছে।

 শিশুমতি লেখিকাৰ এই সাধুকথা কেইটি উপাদানত বিলাতী হৈয়ো পৰিবেশনত একেবাৰে ঘৰুৱা, জতুৱা আৰু নিভাজ অসমীয়া। হবৰেই কথা। লেখিকাৰ লেখনীৰ কৌশল অভিমন্যুৰ বেহুভেদী কৌশলৰ দৰে “জন্মগত স্বত্ব,” “জন্মগত শিক্ষা।”

 কল্যাণীয়া শ্ৰীমতী জীউ-মাৰ “বিলাতী পিঠা” অসমৰ ঘৰে ঘৰে লাগ দিয়ক, মোৰ এয়ে কামনা।

সৰ্ব্বাইবন্ধা, যোৰহাট
২৩। ১২। ৫৪
শ্ৰীশ্ৰীমিত্ৰদেৱ মহন্ত

দ্বিতীয় সংস্কৰণৰ ‘আশীৰ্ব্বাদ’টিয়েই তুলি দিয়া হল।
         প্ৰকাশক