এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
 

ৰজাই আবু হাছানক নি ৰাজ-কাৰেঙত থবলৈ আৰু কোনডোখৰ ঠাইৰ পৰা নিছে তাক মনত ৰাখিবলৈ তেওঁৰ লগুৱাটোক কলে। লগুৱাটোৱেও ৰজাই কোৱা মতে কৰিলে আৰু ৰজাও তাৰ পাছে পাছে গল। লগুৱাটোৱে নি আবু হাছানক ৰাজশয্যাত শুৱাই দিলে। ৰজাই গৈ সকলোকে আদেশ দিলে বোলে তেওঁক যেনেকৈ আনকালে মান-সৎকাৰ কৰে, সেই আবু হাছানকো পিছদিনা সেইদৰে মান- সত্কাৰ কৰিব। ৰজাই সেইদৰে আদেশ দি নিজে ওচৰৰ কোঠাটোত লুকাই ৰহস্যটো চাবলৈ বুলি ৰল।

 সকলো মানুহে ৰজাৰ আদেশ মতে আবু হাছানক পাছ দিনাৰ পৰা ৰজাৰ দৰে মান-সংকাৰ আৰু ব্যৱহাৰ কৰিবলৈ সাজু হল। আবু হাছানে পিছদিনা সাৰ পোৱা মাত্ৰে সকলোবোৰ দাস-দাসী তেওঁৰ ওচৰলৈ আগবাঢ়ি অহা দেখি তেওঁ সেইবিলাক সপোন নে দিঠক ঠিক কৰিব নোৱাৰা হল। বহুত পৰৰ পাছত তেওঁক সকলোৱে সেইবিলাক সপোন নহয় বুলি বিশ্বাস জন্মালে আৰু পাছত ৰাজ-সাজ পিন্ধাই ৰাজ-সভালৈ লৈ গল। তাত বহুত আমোদ-প্ৰমোেদ উপভোগ কৰিলে।

 তাৰ পাছত কেইজনমান বিষয়ক আদেশ দিলে— “তোমালোক এই বাটটোৱেদি গৈ থাকাঁ, তাতে এটা মছজিদ পাবা। তাতে এজন ইমাম আৰু চাৰিজন বুঢ়া ডঢ়ীয়া মানুহ আছে। সেই বুঢ়া চাৰিজনক প্ৰত্যেককে ভৰিত পাঁচ কুৰিকৈ বেত দিয়াগৈ আৰু ইমামজনক চাৰিশ কোব দিবা। তাৰ পাছত তেওঁলোক পাঁচজনক বান্ধি প্ৰত্যেক ঘৰৰ আগেদি লৈ ফুৰিবা। তেতিয়া সকলো মানুহে বুজি উঠিব তেনে অত্যাচাৰী মানুহৰ কেনে শাস্তি হয়।”

 বিষয়া কেইজনেও ৰাজ আদেশ পালন কৰিবলৈ গ'ল। তাৰ পাছত আবু হাছানে ধন-ভৰালীক আদেশ কৰিলে এহেজাৰ সোণৰ মোহৰ নি সেই নগৰৰে আবু হাছানৰ মাকক দি আহিবলৈ; আৰু কলে সেই আৰু হাছান বোলা মানুহজনক সকলোৱে চিনি পায়, তেওঁৰ কথা সুধিলে যেয়ে সেয়ে কৈ দিব পাৰিব। বেগাই গৈ বেগাই ঘূৰি আহিবলৈ তেওঁ সিহঁতক আদেশ দিলে। প্ৰণাম জনাই ৰজাৰ ওচৰৰ পৰা সিহঁতে বিদায় ললে। ইফালে মাকে সিমান টকা ৰজাই তেওঁক উপহাৰ দিয়া। বুলি জানি আচৰিত হল৷

 হাছানক ৰাজ-সভাৰ পৰা উঠি এযোৰ সোণ-ৰূপ খটোৱা খৰম পিন্ধিবলৈ দিলে। কিন্তু বেচেৰা আবু হাছানে কেতিয়াও সেইবিলাক