এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এধানমান কুজাটি

 তাহানিৰ মহা টাৰ্টাৰীৰ কাছগড় নগৰত এজন দৰ্জ্জী তেওঁৰ ঘৈণীয়েকৰ সৈতে বাস কৰিছিল। এদিন সন্ধিয়া সময়ত দৰ্জ্জীজনে দোকানত কাম কৰি আছে, এনেতে কৰবাৰ পৰা এধানমান কুজা মানুহ এটা ধেমেলীয়া গীত গাই গাই সেই দোকানখন সোমালহি। দৰ্জ্জীজনে তাক পাই বৰ ভাল পালে আৰু তাক নি ঘৈণীয়েকক দেখুৱাবলৈ বুলি দোকানখন জপাই সেই এধানমান কুজা মানুহটো লগত লৈ ঘৰলৈ বুলি খোজ ললে।

 ঘৰ পাই দেখে যে তেওঁৰ ঘৈণীয়েকে গধূলি আহাৰৰ বাবে সকলো ঠিক কৰি মজিয়াত সুন্দৰকৈ সজাই থৈছে৷ তেতিয়া তিনিওজন খাবলৈ বহিল৷ দুৰ্ভাগ্যক্ৰমে ভাত খাই থাকোতে হঠাতে মাছৰ কাঁইট এটা এধানমানি কুজা মানুহটোৰ ডিঙিত লাগি ধৰিল৷ সি নিজে আৰু দৰ্জ্জীয়েও ঘৈণীয়েকৰ সৈতে বহুত যত্ন কৰিও সেই মাছৰ কাঁইটটো এৰুৱাব নোৱাৰিলে। অলপ পাছতে তেওঁলোক দুয়োৰো আগতে এধানমানি কুজাই চিৰকাললৈ চকু মুদিলে। তেওঁলোক দুয়ো সেই ঘটনাত বৰ ভয় খালে, জানোচা আন মানুহে ভাবিব বোলে তেওঁলোকেই তাক মাৰিলে। সেই কু-নামৰ হাত সাৰিবলৈ দৰ্জ্জী আৰু তেওঁৰ ঘৈণীয়েকে এটা উপায় উলিয়ালে৷

 দৰ্জ্জীজনৰ ঘৰৰ ওচৰতে এজন ইহুদী বেজ আছিল। দৰ্জ্জীজন আৰু ঘৈণীয়েক সেই মৰা শৱটো এজনে ভৰিত আৰু আনজনে মুৰত ধৰি দাঙি নি ইহুদী বেজৰ ঘৰ পোৱালেগৈ। শৱটো লৈ খটখটিয়েদি দৰ্জ্জী আৰু ঘৈণীয়েক ওপৰলৈ উঠি দুৱাৰত টুকুৰিয়ালেগৈ। খটখটিয়েদি গোটেই বাটটো বৰ আন্ধাৰ৷ অলপ পৰৰ পাছতে এজনী লিগিৰী ওলাই আহিল; তায়ো হাতত চাকি এটা অনা নাই। দৰ্জ্জীয়ে তাইৰ হাতত অলপ ধন গুজি দি কলে- “তুমি বেজবৰুৱাক কোৱাগৈ বোলে আমি এজন নৰিয়া মানুহ আনিছো আৰু এয়া আগধন অলপ দিছো।’’ লিগিৰীজনী হাতত ধন লৈ ভিতৰলৈ গল। সেই ছেগতে শৱটো বেজবৰুৱাৰ দুৱাৰ মুখতে এৰি ঘৈণীয়েকৰ সৈতে দৰ্জ্জীজন কোবা-কুবিকৈ খটখটিয়েদি নামি ঘৰলৈ উলটিল৷

 ইফালে লিগিৰীজনী গৈ বেজবৰুৱাক সকলোবোৰ কথা কলে।