এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
 

আহিল। পখৰা পোৱালীটো কথমপি ভিতৰ সোমাল, কিন্তু পহুবৰণীয়া পোৱালীটো সোমাবলৈ নৌ পাওঁতেই বনৰজাই তাৰ ডিঙিটোতে কামোৰ মাৰি ধৰি হাবিলৈ টানি নিলে।

 এতিয়া বাকী ৰল তিনটাৰ ভিতৰত পখৰা পোৱালীটো৷ বনৰজাৰ চকুত টোপনি নাই, তাক কেনেকৈ গতি লগায়। সি নানা বিধ বুধি পাঙিলে, কিন্তু “আলচা কথা নহয় সিধি, বাটত আছে কণা বিধি।” লগৰ দুটাক খোৱা দেখি পখৰা বৰ টেঙৰ হল। গতিকে বনৰজাই যি বুধিকে সাজক পখৰাই ততালিকে তাক ধৰা পেলায়।

 এদিন পখৰাই ভোকত তৎ নাপাই তাৰ দুমহলা ঘৰৰ পৰা জখলাৰে নামি চৰিবলৈ গ'ল। সি জখলাটো তুলি থবলৈ পাহৰি গল। সি ঘূৰি আহি দেখে বনৰজাটো তাৰ ঘৰত সোমাই আছে। পখৰা ভয়ত বিবুদ্ধি নহল। সি লৰমাৰি গৈ জখলা মাটিত পেলাই দিলে আৰু বনৰজাক কলে— “ককাই, তুমি কেতিয়া আহিলা? বাৰু, তুমি আমাৰ ঘৰতে অলপ শোৱা; মই তোমালৈ চাহপানী এটোপাকে তপতাওঁ।” এই বুলি পখৰাই বৰ ডাঙৰ টৌ এটাতে এটৌ পানী দিলে আৰু ওচৰৰ খৰি-খেৰ দমাই লৈ একুৰা প্ৰকাণ্ড জুই ধৰিলে। জুই দপ দপকৰে জুলি ওপৰ চাল পালেগৈ আৰু পানী টো বক্‌বক্‌কৈ উতলিবলৈ ধৰিলে।

 পখৰাৰ বঙলাৰ ওপৰ মহলাত বনৰজাই ছট্‌ফট্ ধৰফৰ কৰি খঙত গুজৰিবলৈ ধৰিলে। শেষত ওপৰ মহলাত জুই লাগি বনৰজা থলপ কৰে চাঙৰ পৰা সৰি পানী টোৰ ভিতৰত পৰি এটৌ হলহি আৰু পখৰাই লৰালৰিকৈ সাফৰখন মাৰি ধৰিলে। উতলা পানীত চাহপাত সিজাৰ দৰে চাহপানী খাবলগা বনৰজা নিজেই ভালকৈ সিজিলে; আৰু পখৰাই সেই দিনাই ঠাই এৰি আন ঠাইত ঘৰ ললেগৈ। ০০