পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰ্থাৰ ষ্টেনলি এডিংটনে যৌৱনৰ প্ৰথম সময়ছোৱাতে ৰয়েল গ্ৰিনৱিছ বীক্ষণাগাৰত মুখ্য সহকাৰী হিচাপে নিযুক্তি পাইছিল। সেইসময়ত জ্যোতিৰ্বিজ্ঞানীৰ আকাল নাছিল। কিন্তু প্ৰখৰ মেধাসম্পন্ন এডিংটনক যিটো বিষয়ৰ শিক্ষাই সমসাময়িক জ্যোতিৰ্বিজ্ঞানীসকলৰ পৰা পৃথক কৰিছিল সেই বিষয়টো আছিল ‘অংক’। প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ মাজত ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত যি এক প্ৰতিশোধমূলক আৰু ঘৃণাসূচক সম্বন্ধই থিতাপি লৈছিল, সেই সম্বন্ধক নেওচি এডিংটনে যি উদাৰনৈতিক দৃষ্টিভংগীৰে উদ্বুদ্ধ হৈ যুদ্ধবিধ্বস্ত সময়ত বৰণহীন হৈ পৰা ৰাজনৈতিক, সামাজিক আনকি বৈজ্ঞানিক মহলৰো বাধা-নিষেধাজ্ঞা প্ৰতিহত কৰি জাৰ্মান বিজ্ঞানী আইনষ্টাইনৰ যুগান্তকাৰী তত্ত্বটোৰ গৱেষণা কৰিবলৈ মন মেলিছিল, তেনে এটা দৃষ্টিভংগীৰে পৰিচালিত হৈ আগবাঢ়ি অহা ব্ৰিটিছ বিজ্ঞানীও সেইসময়ত কোনো নাছিল। তাৰ পৰিৱৰ্তে উচ্চবৰ্গীয় বিজ্ঞানীমহলে নিউটনৰ প্ৰচলিত ধাৰণাটোকহে পুনঃপ্ৰতিষ্ঠা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

 ২০০৮ চনৰ ২২ নৱেম্বৰত ‘বিবিচি টু’যোগে সম্প্ৰচাৰিত হোৱা “আইনষ্টাইন এণ্ড এডিংটন” (Einstein and Eddington) নামৰ ছবিখনে এডিংটন নামৰ তুলনামূলকভাৱে কম পৰিচিত বিজ্ঞানীজনৰ জীৱন আৰু কৰ্মৰ সৈতে বিশ্বৰ দৰ্শকসমাজৰ লগত পৰিচয় কৰাই দিলে আৰু আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদৰ সূত্ৰক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ আঁৰত যে এডিংটন নামৰ জ্যোতিৰ্বিজ্ঞানীজনৰ অসামান্য চিন্তা, পৰিশ্ৰম আৰু অধ্যৱসায় জড়িত হৈ আছে-সেইয়া পুঙ্খানুপুঙ্খভাৱে দেখুৱালে।

 অত্যাধুনিক সা-সঁজুলিৰে পূৰ্ণ ৰয়েল এষ্ট্ৰনমিকেল ছ’ছাইটিৰ নামাংকিত বিয়াগোম কেইটামান বাকচ ৰছীৰ সহায়েৰে টানি টানি পাহাৰৰ চূড়ালৈ উঠোৱাৰ কষ্টসাধ্য দৃশ্য এটাৰে ছবিখনৰ আৰম্ভণি ঘটিছে। ১৯১৯ চনৰ এটা ফৰকাল পুৱাৰ ঘটনা। আকাশৰ পৰা প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকা আৰু কুহেলিকা ইতিমধ্যে মাৰ গৈছিল। এডিংটন আৰু তেওঁৰ বিশ্বস্ত বন্ধু তথা সহকৰ্মী ডাইছন পশ্চিম আফ্ৰিকাৰ এক দুৰ্গম এলেকাত। বিজ্ঞানী আইনষ্টাইনে আৱিষ্কাৰ কৰা আৰু ইতিমধ্যেই চৰ্চা লাভ কৰা বিশেষ তত্ত্বটোৰ সত্যাসত্য নিৰূপণ কৰাটোৱেই আছিল তেওঁলোকৰ এই যাত্ৰাৰ মূল উদ্দেশ্য।

 নিউটনৰ দ্বাৰা প্ৰতিষ্ঠিত মধ্যাকৰ্ষণৰ ধাৰণাটোৱে আইনষ্টাইনক আশ্বস্ত কৰিব পৰা নাছিল। প্ৰচলিত ধাৰণাটোৰ প্ৰতি জন্মা অসন্তুষ্টিয়েই আইনষ্টাইনক আপেক্ষিকতাবাদৰ বিশেষ তত্ত্বটো আৱিষ্কাৰ কৰিবলৈ একপ্ৰকাৰ অনুপ্ৰাণিত কৰিছিল। আৰু আপেক্ষিকতাবাদ এই তত্ত্বকে মূলধন হিচাপে লৈ ব্ৰহ্মাণ্ডৰ ৰহস্য অন্বেষণ কৰিবলৈ আইনষ্টাইন আগবাঢ়ি আহিছিল৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তাত্ত্বিক ধাৰণাটোৰ বিশ্বাসযোগ্যতা, সত্যতা আৰু নিৰ্ভৰশীলতা প্ৰমাণ কৰাৰ উৎকৃষ্ট পথ আছিল এটা সূৰ্যগ্ৰহণ। ১৯১৯ চনৰ মে’ৰ সূৰ্যগ্ৰহণ। আইনষ্টাইনৰ সূত্ৰানুযায়ী-সূৰ্যক বেৰি থকা থকা নক্ষত্ৰকেইটাই নিৰ্গত কৰা পোহৰ ৰশ্মি সৰলৰৈখিক নহয়, ইয়াৰ গতিৰ তাৰতম্য ঘটে। অৰ্থাৎ সেই ৰশ্মিবোৰৰ পূৰ্বৰ স্থান সামান্যপৰিমাণে সলনি হয়৷ ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ মহাকৰ্ষণিক ক্ষেত্ৰ। পিছে পোহৰৰ ৰশ্মি বেঁকা হোৱাৰ দৃশ্যৰাজি সাধাৰণ দিন এটাত লক্ষ্য কৰিব নোৱাৰি। সূৰ্যৰ উজ্জ্বলতম পোহৰৰ বাবে সেই নক্ষত্ৰকেইটাৰ পৰিষ্কাৰ ৰূপ এটা দৃশ্যমান হ’ব নোৱাৰে। সেইয়া সম্ভৱ মাথোঁ সূৰ্যগ্ৰহণ