পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিজ্ঞানী, কাৰিকৰী শাখাৰ ব্যক্তিসকল আৰু ৰাস্তাই- ঘাটে ওলমি থকা ডিজিটেল পৰ্দালৈ পৰম কৌতূহলৰে চাই থকা অগণন মানুহৰ মুখত আনন্দ আৰু বিজয়ৰ উজ্জ্বল জ্যোতি বিয়পি পৰিল।

 মাৰ্ক ৱাটনি উদ্ধাৰ হ’ল। মিছন কমাণ্ডাৰ লিউছৰ স্পষ্ট আৰু আত্মবিশ্বাসী কণ্ঠৰে নিগৰি অহা অবিস্মৰণীয় খবৰটোৱে, নাছাৰ এই দুঃসাহসী অভিযানে পৃথিৱীবাসীৰ সন্মুখত পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে-অসম্ভৱ বুলি একো নাই-“Nothing is Impossible.”

 এইয়াই হৈছে দা মাৰ্টিয়ান নামৰ ছবিখনৰ কাহিনী। উল্লেখযোগ্য যে, এই ছবিখনৰ নিৰ্মাণ আৰু সঠিক উপস্থাপনৰ গুৰুত্ব উপলব্ধি কৰি মহাকাশ সংস্থা নাছায়েও ছবিনিৰ্মাতাৰ লগত তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ আদান-প্ৰদান কৰে। নাছাৰ সদস্য জেমছ এল, গ্ৰীণ আৰু ডেভ লেভাৰিয়ে ছবিনিৰ্মাতাৰ বহু কৌতূহল দূৰ কৰে৷ ‘দা মাৰ্টিয়ান’ৰ কাহিনী, মহাকাশচাৰীৰ পোছাক, ‘হেব’ৰ আৰ্হি ইত্যাদিক লৈ উত্থাপিত হোৱা শতাধিক প্ৰশ্নৰ উত্তৰ নাছাৰ ফালৰ পৰা দিয়া হয়।

 ২০১১ চনৰ এণ্ডি ৱেৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনে বাণিজ্যিকভাৱেও অপাৰ সফলতা লাভ কৰিছে। লাভ কৰিলে বহুকেইটা জনপ্ৰিয় বঁটা আৰু একাধিক মনোনয়ন। মুখ্য চৰিত্ৰত মেট ডেমনে মননশীল অভিনয় কৰিছে। ছবিখনৰ গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হোৱা জেছিকা ছছটেইন, ক্ৰিষ্টেন উইগ, জেফ ডেনিয়েলছ আদিৰ কামো প্ৰশংসনীয়।

 কল্পবিজ্ঞানধৰ্মী ছবিখনত তথ্য-প্ৰযুক্তিৰ ভৰপূৰ প্ৰয়োগ হৈছে, উচ্চাৰিত হৈছে কিছুমান জটিল কাৰিকৰী শব্দ। কিন্তু ছবিখনৰ সেই জটিল কাৰিকৰী ভাষাৰ আঁৰত লুকাই আছে এক সৰল সংবেদনশীল বাৰ্তা। সেই বাৰ্তাত উন্মোচিত হৈছে জীৱনৰ প্ৰতি থকা এজন মানুহৰ অপৰিসীম-অক্লান্ত ভালপোৱা। জীৱনৰ প্ৰতি থকা যি অকৃত্ৰিম ভালপোৱাৰ ভেটিত উঠি মানুহজনে আৱিষ্কাৰ কৰিছিল জীৱনৰ প্ৰকৃত অৰ্থ আৰু মহত্ব। কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ এই জীৱনমুখী আৰু প্ৰাণসঞ্চাৰকাৰী বাৰ্তাটোৰ বাবেই ছবিখনে নাছাৰ উচ্চপদবীত থকা বিজ্ঞানীজনৰ পৰা আৰম্ভ কৰি সৰ্বসাধাৰণ মানুহ এজনলৈকে-সকলোৰে হৃদয়ত উচ্চাসন দখল কৰিবলৈ সক্ষম হৈছে।

 স্মৰণ কৰিছোঁ আৰ্ণেষ্ট হেমিঙৱেৰ সেই বাক্যশাৰী-“Man can be destroyed. But not defeated.”(৷) -মানুহক ধ্বংস কৰিব পাৰি, কিন্তু পৰাভূত কৰিব নোৱাৰি। মঙলৰ প্ৰতিকূল জলবায়ু, সীমাহীন খাদ্য-সংকট আৰু অসহনীয় নিসংগতায়েও পৰাভূত কৰিব নোৱাৰা মহাকাশচাৰী মাৰ্ক ৱাটনিৰ জীৱন-কাহিনীয়ে যেন সেই সত্যকেই পুনৰবাৰ প্ৰতিস্থাপিত কৰিলে।

৫৩