পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সজোৰে খুন্দিয়ালে আৰু আপোনাক পলকতে নি আঁতৰত পেলালেগৈ। মুহূৰ্ততে আপুনি দলটোৰ পৰা বিচ্ছিন্ন আৰু সংযোগহীন হৈ পৰিল। আপোনাৰ বিশেষ পোছাকযোৰত সংযোজিত এণ্টেনাডাল ধুমুহাই ছিঙি পেলালে যাৰ ফলত আপোনাৰ সাম্প্ৰতিক অৱস্থান সম্বন্ধীয় কোনো তথ্যয়েই আপোনাৰ সংগীবৃন্দই উদ্ধাৰ কৰিব নোৱাৰিলে। ধুমুহাত আপোনাৰ মৃত্যু হৈছে বুলি তেওঁলোকৰ মনত শংকা গঢ় লৈ উঠিল। সিপিনে যানৰ জৰুৰী উৎক্ষেপনৰ সময়ে ওচৰ চাপি আহিছে। অৱশেষত আপোনাৰ মৃত্যু সম্পৰ্কীয় শংকা বিশ্বাসলৈ পৰিণত হ’ল আৰু উপায়বিহীন হৈ আপোনাৰ সতীৰ্থসকলে আপোনাক এৰি গুচি আহিল।

 কিন্তু আশ্চৰ্যজনক কথাটো হ’ল, তেওঁলোকে ভবাৰ দৰে আপোনাৰ মৃত্যু হোৱা নাছিল। ধুমুহাজাকৰ অৱসান ঘটাৰ পিছত আপুনি সম্বিৎ ঘূৰাই ফালে। পেটত সোমাই আছে এণ্টেনাৰ ভঙা টুকুৰা। প্ৰচণ্ড যন্ত্ৰণাক একাষৰীয়া কৰি আপুনি খুপি খুপি “Hab”লৈ গ’ল। (Hab-মহাকাশচাৰীসকলে যিটো অত্যাধুনিক আশ্ৰয়স্থলত থাকি মংগলত গৱেষণা কৰি আছিল) হেবত পদাৰ্পণ কৰি আপুনি নিজেই নিজৰ চিকিৎসা কৰিলে।

 সুস্থিৰ হোৱাৰ পিছত আপোনাৰ অনুভৱ হ’ল- জনপ্ৰাণীহীন মংগল গ্ৰহটোত আপুনিয়েই এতিয়া একমাত্ৰ বাসিন্দা। আপোনাৰ সতীৰ্থসকলে আপোনাৰ অবিহনেই পৃথিৱী অভিমুখে গমন কৰিছে। পলকতে আপোনাক পৰ্বতপ্ৰমাণ নিসঙ্গতাই আগুৰি ধৰিলে। অৱশ্যে সেইয়া স্বাভাৱিকে। কাৰণ, আপুনি থাকিবলগীয়া ‘হেব’খনৰ নিৰ্মাণ কৰা হৈছে মাত্ৰ ৩১ দিন টিকিবৰ বাবেহে। তাৰপিছত সেইখনে আপোনাক পৰ্যাপ্ত পৰিমাণে অক্সিজেনৰ যোগান ধৰিব নোৱাৰিব। বহুকেইটা অত্যাৱশ্যকীয় উপাদান বিকল হ’বলৈ আৰম্ভ কৰিব। নাছাৰ লগত যোগাযোগ কৰিব পৰাকৈ আপোনাৰ ওচৰত কোনোধৰণৰ কাৰ্যক্ষম যন্ত্ৰপাতি মজুত নাই। সম্ভাব্য পৰৱৰ্তী মংগল অভিযানটোৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব চাৰিটা বছৰ৷ ধৰি লওক; সৌভাগ্যক্ৰমে এইকেইটা চৰ্ত ভুল প্ৰমাণিত হ’ল। কিন্তু তথাপিতো আপোনাৰ জীয়াই থকাৰ সম্ভাৱণীয়তা নগণ্য। কিয়নো আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সম্ভাৰ নাই। কেইদিনমানৰ পিছতেই আপুনি ভুগিব লাগিব অভাৱনীয় খাদ্য-সংকটত আৰু খাদ্য অবিহনে আপুনি জীয়াই থাকিবইবা কেইদিন? এদিন, এসপ্তাহ নে পোন্ধৰদিন? গতিকে আপুনি ভাবিব পাৰে- আপুনি মাত্ৰ কেইটামান দিনৰহে আলহী।

 শেষত গৈ আপোনাৰ হাতত ৰৈছে দুটা বিকল্প—

 (ক) জীয়াই থকাৰ সমস্ত বাসনা পৰিত্যাগ কৰিব। মজুত থকা খাদ্য-সামগ্ৰী শেষ নোহোৱাপৰ্যন্ত আপুনি জীয়াই থাকিব। পৰিস্থিতিয়ে আপোনাক য’লৈকে লৈ যায়, আপুনি ত’লৈকে যাব। যিদিনাই খাদ্য-সামগ্ৰী শেষ হ’ব, তাৰ পিছদিনাৰ পৰাই আপুনি তিলতিলকৈ মৃত্যুৰ বাবে অপেক্ষা কৰিব।

 (খ) আপুনি জীয়াই থকাৰ বাসনাক জলাঞ্জলি নিদিয়ে। আপুনি মৰ্মে মৰ্মে হৃদয়ঙ্গম কৰিব যে- প্ৰায় পাঁচ কোটি কিলোমিটাৰ দূৰত অৱস্থিত পৃথিৱী নামৰ গ্ৰহটোৱে আপোনাক এইমুহূৰ্তত হাত বাউল দি মাতি আছে। পৃথিৱী নামৰ গ্ৰহটোত আপোনাৰ এখন ঘৰ আছে। ঘৰত আপোনাৰ প্ৰিয়জন আছে। তেওঁলোকৰ সন্মুখত গৈ উপস্থিত হ’বলৈ আপোনাৰ মনটো ব্যাকুল হৈ উঠিব। তেওঁলোকৰ উজ্জ্বল মুখকেইখনত জিলিকি উঠা আত্মীয়তাৰ নিৰ্ভেজাল ৰূপৰেখা এবাৰ নিচেই ওচৰৰ পৰা চাবলৈ আপুনি উদ্বাউল হৈ উঠিব। জীয়াই থকাৰ এই পৰম

৫০