পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

“The ultimate measure of a man is not where he stands in moments of comfort and convenience, but where he stands at times of challenges and controversy.”

Martin Luther King Jr

 পৃথিৱীৰ পৰা ৫ কোটি কিলোমিটাৰতকৈও অধিক নিলগত থকা ৰঙা গ্ৰহ—মংগল। ধৰি লওক, আপুনি এইমুহূৰ্তত মংগল গ্ৰহত আছে। মংগলৰ ভূখণ্ডত চলি থকা নাছাৰ এক ঐতিহাসিক অভিযানৰ আপুনি এজন অন্যতম সদস্য। মংগলৰ মাটি, পানী, বায়ু, জলবায়ু আৰু জীৱৰ অস্তিত্ব সম্বন্ধীয় বিচিত্ৰ তথ্য অনুসন্ধান, অন্বেষণ আৰু সংগ্ৰহত আপুনি আৰু আপোনাৰ অভিযানৰ সংগীসকল এতিয়া ভীষণ ব্যস্ত। তেনে ব্যস্ততাৰে ভৰা ক্ষণ এটাতেই-যেতিয়া আপোনালোকে পৰম মনোযোগেৰে নিজ নিজ দায়িত্ব পালন কৰি আছিল; তেনে এটা মুহূৰ্ততেই আপোনালোকৰ কাণত পৰিলহি এক উৎকণ্ঠামিশ্ৰিত সতৰ্কবাণী- “এজাক প্ৰচণ্ড ধুমুহা আহি আছে। এজাক প্ৰচণ্ড ধুমুহা আহি আছে। সকলোৱে নিৰাপদ স্থানলৈ আহিব লাগে।” মুহূৰ্ততে হৈ-চৈ আৰম্ভ হ’ল। প্ৰাণনাশী এই ধুমুহজাকৰ পৰা ৰক্ষা পোৱাৰ নিমিত্তে বিশেষ অভিযানটোৰ নেতৃত্ব লোৱা ব্যক্তিজনে অভিযানৰ জৰুৰী সমাপ্তি ঘোষণা কৰিলে আৰু তৎকালে সকলোকে লৈ নিৰাপদ স্থানত থকা যানৰ দিশে যাবলৈ ধৰিলে। কেইটিমান ছেকেণ্ডৰ ভিতৰতে প্ৰচণ্ড ধুমুহজাক আপোনালোকৰ কাষ পালেহি। বিধ্বংসী ধুমুহাৰ তীব্ৰ সোঁত ভেদি যানখনলৈ আগুৱাই গৈ থাকোঁতেই ধুমুহাত উৰি অহা আৱৰ্জনাসদৃশ কঠিন সামগ্ৰীয়ে আপোনাৰ দেহত

৪৯