পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমি চাগে আৰু কেইটামান দশক ৰ’ব লাগিব। আশা কৰিছোঁ সেই দিনটো সোনকালে আহক। অনতিপলমে এখন বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী বলিউদী ছবি ভাৰতীয় দৰ্শকে চাবলৈ পাওক।

 এতিয়া আহোঁ আচল কথালৈ। মানে এই ই-বুকখনৰ কথালৈ। ‘বিজ্ঞান আৰু বোলছবি’ শীৰ্ষক নামধাৰী এই ই-বুকখনৰ জন্ম-কাহিনীৰ বিষয়ে ক’বলৈ হ’লে ২০১৬ চনৰ শেষৰফাললৈ আমি ওভতনি-যাত্ৰা কৰিব লাগিব। বিগত সপ্তাহটোত লেপটপত উপভোগ কৰা দুখনমান ছবিৰ বিষয়ে ফে’চবুকতে এটা চমু টোকা লিখিছিলোঁ। গভীৰতাবিহীন ফাং-ফুং টোকা। তাৰে এখন ছবিৰ কাহিনীত বিজ্ঞানৰ সামান্য পৰশ আছিল। যি কি নহওক; লিখি কৰি আৰামত শুই আছোঁ। খন্তেক পিছতে ফে’চবুকৰ বাৰ্তা-বাকচত এটা বাৰ্তা লাভ কৰিলোঁ। প্ৰেৰক পংকজ জ্যোতি মহন্ত। তেওঁ গহীন সুৰত কৈছে-তোমাৰ দহখন প্ৰিয় কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবাচোন৷ গণিত চ’ৰাত দিম। অলপ দীঘলীয়াকৈ লিখিবা৷’ গণিত চ’ৰা (gonitsora.com, as.gonitsora.com) হ’ল গণিত তথা বিজ্ঞান বিষয়ক এখন দ্বিভাষিক অনলাইন আলোচনী। বাৰু, মহন্তদাৰ কথা শনি মই বিপাঙত পৰিলোঁ। বোলোঁ-সৰ্বনাশ। এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ পাল। কল্প-বিজ্ঞানধৰ্মী ছবি চাই ভাল পাওঁ-সেইটো ধ্ৰুৱ সত্য। কিন্তু ভালপোৱা প্ৰমাণ কৰিবলৈ এতিয়া কল্প-বিজ্ঞানধৰ্মী ছবিৰ বিষয়ে লিখিবলৈ যাম! এইটোতো ভয়ংকৰ বিপদজনক কথা। তাকো এখন-দুখন নহয়, দহখন। তাকো চুটিকৈ নহয়, দীঘলকৈ। এইবোৰতকৈও ডাঙৰ বিড়ম্বনাটো হ'ল আজিলৈকে চোৱা অতবোৰ কল্পবিজ্ঞানধৰ্মী ছবিৰ মাজৰ পৰা বাছি বাছি দহখন বিচাৰি উলিউৱাটো। ভালেমানপৰ চিন্তামণিক চিন্তা কৰিবলৈ লগালোঁ। সি ভাবিলে। ভালকৈয়ে ভাবিলে। ভাবি-চিন্তি সি শেষত কৰিলে কি;শংকা, সংকোচ, দ্বিধা, সন্দেহ, আত্মবিশ্বাসহীনতা-এই গোটেইবোৰকে লঠিয়াই-গুৰিয়াই মন-মগজুৰ পৰা বাহিৰ কৰি দিলে আৰু মহন্তদাৰ বাৰ্তাবাকচত মোৰ হতুৱাই ৰিপ্লাই লিখোৱালে-“চেষ্টা কৰিম” সেই যে ক’লোঁ ‘চেষ্টা কৰিম’; তাৰপিছত ছমাহমান চেষ্টা কৰিয়েই কটালোঁ। মানুহে কয় চেষ্টাৰ অসাধ্য একো নাই। কথাষাৰ মিছা নহয় দিয়ক। অ’ৰ-ত’ৰ পৰা কিবা- কিবি তথ্য-পাতি গোটাই-মেলি, মগজুৰ ঘোঁৰা দৌৰাই দৌৰাই, ছবিকেইখন উৰাই-ঘূৰাই চাই এখন-দুখনকৈ দহখন ছবিৰ বিষয়ে লিখিবলৈ লাগিলোঁ। চিন্তাৰ প্ৰক্ৰিয়াটো চলি থাকোঁতেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ। দহখন ছবিৰ তালিকাত কেৱল কল্প-বিজ্ঞানধৰ্মী ছবিয়েই উল্লেখ নকৰি প্ৰখ্যাত বিজ্ঞানীৰ জীৱন-আধাৰিত দুখনমান ছবিৰ বিষয়েও লিখা উচিত। উদ্দেশ্য আছিল- ইয়াৰ জৰিয়তে মহান বিজ্ঞানীকেইগৰাকীৰ কৰ্ম আৰু জীৱনক স্পৰ্শ কৰাটো।পাৰিলে দুই-এজন উৎসাহী পাঠকক বিজ্ঞানীদুজনৰ বিষয়ে অৱগত কৰোৱাটো। মহন্তদায়েও হয়ভৰ দিলে। উদ্দেশ্যটোক বাস্তৱায়িত কৰিবলৈ যাওঁতে সামান্য কষ্ট হ'ল যদিও গোটেই কামটো সমাপ্ত হ’লত মনত মহা ফুৰ্তি মিলিল। পংকজদাক ধন্যবাদ দি এই লিখনি-পৰ্ব সামৰিলোঁ। এতিয়া দুদিনমান ভালদৰে উশাহ ল’ম। পিছে মোৰেই দুৰ্কপাল। এপষেকমানৰ পিছতেই ছাৰে হোৱাটছ্এপত চিৰপৰিচিত গহীন সুৰটোতেই ক’লে-“দহখন ছবিৰে এখন ই-বুক কৰা।” মই বোলোঁ-হে হৰি! এখেতে পিছ নেৰিবই নেকি! পিছে মনৰ কথা মনতেই থাকিল। তেখেতক উত্তৰ দিলোঁ-“ঠিক আছে।” দুদিন পিছত ই-বুকৰ বেটুপাত আৰু সূচীপত্ৰ ডিজাইন কৰি ‘পৃথিৱী-বিখ্যাত এলেহুৱা’ৰ ৰূপ ধাৰণ কৰি কেইবাদিনলৈকে তাপ মাৰি থাকিলোঁ। হঠাতে ৬ জুনৰ নিশা প্ৰায় এঘাৰটা বজাত অহা এটা মেছেজে মোৰ আৰামদায়ক জীৱনৰ ওপৰত পানী ঢালি দিলে। “কি হ’ল? ই-বুকৰ কি হ’ল?” মই থতমত খালোঁ৷ পিছমুহূৰ্ততে সন্দেহাতীত আত্মবিশ্বাসৰে উত্তৰ দিলোঁ-“সব হ’ব।”