পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাড়ীখনৰ নম্বৰটো (১৭২৯) দুৰ্ভাগ্যপূৰ্ণ বুলি কৈছিল। কিন্তু হাৰ্ডিৰ ৰগৰক নস্যাৎ কৰি ৰামানুজনে ততালিকে কৈ উঠিছিল-“এইটো দুটা বেলেগ বেলেগ উপায়েৰে দুটা ঘনাঙ্কৰ যোগফলস্বৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা।” হাৰ্ডিৰ ওঁঠৰে এটা হাঁহি সৰকি পৰিছিল। ৰামানুজনৰ প্ৰতিভা আৰু মেধা হাৰ্ডিৰ কাৰণে সদায়েই আছিল বিস্ময়কৰভাৱে অসামান্য। পুনৰ সাক্ষাৎ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰামানুজনে হাৰ্ডিৰ পৰা বিদায় লৈছিল।

 কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতত উপস্থিত হোৱাৰ ঠিক এবছৰৰ পাছতেই ৰামানুজনে পৃথিৱী ত্যাগ কৰিছিল, চিৰদিনৰ বাবে। ৰামানুজনৰ মৃত্য- সংবাদ লাভ কৰি গণিতজ্ঞ হাৰ্ডি অতিশয় মৰ্মাহত হৈ পৰিছিল। ট্ৰিনিটিৰ সভ্য সমাজত থোকাথুকি মাতেৰে হাৰ্ডিয়ে দুঃসংবাদটো ঘোষণা কৰিছিল আৰু ৰামানুজনৰ সান্নিধ্যই তেওঁক কিমান দূৰলৈকে প্ৰভাৱান্বিত কৰিছিল-তাক প্ৰকাৰান্তৰে বুজাবলৈ চেষ্টা কৰিছিল।

 মাত্ৰ তেত্ৰিছ বছৰ বয়সতে গণিতৰ জগতত এক সুদূৰপ্ৰসাৰী আৰু যুগজয়ী প্ৰভাৱ ৰাখি থৈ যোৱা ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞজনলৈ এইটো লেখাৰ জৰিয়তেই যাঁচিলোঁ শতকোটি নমস্কাৰ।

পৰিশেষতঃ ব্ৰিটিছ গণিতজ্ঞ গডফ্ৰে হেৰল্ড হাৰ্ডিৰ সান্নিধ্যলৈ নহাহেঁতেন ৰামানুজনৰ প্ৰতিভা আৰু মেধাই হয়তো উৎকৃষ্টতাৰ পবিত্ৰ পৰশ লাভ নকৰিলেহেঁতেন। হয়তো দৰিদ্ৰতা আৰু আশাহীনতাৰ মাজতেই ৰামানুজনে জীৱনৰ বাকীছোৱা সময় পাৰ কৰিবলগা হ’লহেঁতেন। সেয়েহে আমাৰ ভাৰতীয় সমাজ এইজন ব্ৰিটিছ গণিতজ্ঞৰ প্ৰতি সদায়েই শ্ৰদ্ধাশীল অৰুি কৃতজ্ঞ হৈ থকা উচিত। সম্পূৰ্ণ এটা ভিন্ন পৰিৱেশৰ পৰা উঠি অহা ৰামানুজনক বুজাই- বঢ়াই, তেওঁক অংকৰ পৰম্পৰাগত আৰু শুদ্ধ পথটোৰে যাত্ৰা কৰোৱাই গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্যপদত অধিষ্ঠিত কৰাবলৈ সমৰ্থৱন হৈছিল। ৰয়েল ছ’ছাইটিৰ সভ্য হোৱাত ৰামানুজনৰ নিজা অধ্যৱসায়, দৃঢ়তা আৰু মেধাই যিমান সহায় কৰিছিল; ৰামানুজনক এই সন্মানপ্ৰাপ্তিৰ দিশে আগুৱাই নিয়তি হাৰ্ডিৰ ঐকান্তিক প্ৰেৰণা আৰু সহযোগিতায়েও সিমানে সহায় কৰিছিল। ৰামানুজন অৰুি হাৰ্ডিৰ এই অনবদ্য যুগলবন্দীয়ে গণিতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল; আৰু এই যুগলবন্দীকেই অনুপম ৰূপত তুলি ধৰিলে “দা হু নিউ ইন্‌ফিনিটি” নামৰ ছবিখনে৷

৪৮