পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰামানুজনৰ শাৰিৰীক অৱস্থা ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হ’বলৈ ধৰে। স্বাস্থ্য-পৰীক্ষাৰ অন্তত পোহৰলৈ আহে যে ৰামানুজনৰ আয়ুস ক্ৰমাৎ টুটি আহিছে। হতাশ-বিমৰ্ষ ৰামানুজনৰ চকুৰে অন্ধকাৰৰ বাহিৰে অইন একো চিনি নোপোৱা হ’ল। জীৱনৰ সকলো আশা-আকাংক্ষা যেন ধূলিস্যাৎ হৈ গ’ল। হঠাতে যেন নিশ্চিহ্ন হৈ গ’ল অংকৰে জগত জিনাৰ সপোন। পোৱা-নোপোৱাৰ আলিদোমোজাত আত্মবিভোৰ হৈ থকাৰ সকৰুণ অৱস্থাতেই এখন বাছে খুন্দিয়াই থৈ গ’লহি ৰামানুজনক।

 অসহনীয় শাৰিৰিক যন্ত্ৰণাত পিষ্ট ৰামানুজনক ভৰ্তি কৰোৱা হয় অস্থায়ী চিকিৎসা- কেন্দ্ৰত। ততালিকে খবৰ প্ৰেৰণ কৰা হ’ল হাৰ্ডিলৈ। হাৰ্ডি গৈ তৎমুহূৰ্ততে উপস্থিত হয় ৰামানুজনৰ কাষত। সামান্য সুস্থিৰ অনুভৱ কৰাৰ পিছত ৰামানুজনে হাৰ্ডিৰ সন্মুখত ক’বলৈ আৰম্ভ কৰে তেওঁৰ চমৎকাৰী প্ৰতিভাৰ উৎসৰ বিষয়ে। ঈশ্বৰৰ অস্তিত্বক লৈ সদা সন্দিহান গণিতজ্ঞ হাৰ্ডিয়ে ৰামানুজনৰ অকৃত্ৰিম ঈশ্বৰ বিশ্বাসৰ বিষয়ে জানিব পাৰিলে। জানিব পাৰিলে নামগিৰি দেৱীৰ মাহাত্ম্যৰ বিষয়ে। চিকিৎসা-কেন্দ্ৰৰ বিচনাত বহি থকা দুৰ্বল ৰামানুজনৰ কথাবোৰ হতবাক-বিস্মিত হৈ একান্তমনে শুনি যায় হাৰ্ডিয়ে। নামগিৰি দেৱীয়ে ৰামানুজনৰ লগত কথা পাতে। কেতিয়াবা নিদ্ৰাৰত অৱস্থাত নাইবা কেতিয়াবা প্ৰাৰ্থনাৰত অৱস্থাত থকা ৰামানুজনক অংকৰ বৈচিত্ৰময় জগত এখনৰ সম্ভেদ দিয়েহি এইগৰাকী দেৱীয়ে। হাৰ্ডিয়ে প্ৰত্যুত্তৰত কয় যে-প্ৰমাণ অবিহনে তেওঁ কোনো কথাতেই বিশ্বাস নকৰে। কিন্তু ৰামানুজনে কয় যে-যেতিয়ালৈকে এটা সমীকৰণত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়, তেতিয়ালৈকে সেই সমীকৰণে ৰামানুজনৰ বাবে কোনো তাৎপৰ্য বহন নকৰে।

 ১৯১৮ চনত ৰামানুজনক ৰয়েল ছ’ছাইটিৰ সভ্য পদ যচা হয়। ৰামানুজনৰ জীৱনৰ অন্যতম সুখদায়ক মুহূৰ্তটোৰ বাস্তৱায়িত কৰাৰ আঁৰতো মুখ্য ভূমিকা আছিল গণিতজ্ঞ হাৰ্ডিৰ৷ ট্ৰিনিটি কলেজৰ নেতৃস্থানীয় পণ্ডিত মহলৰ সন্মুখত তেওঁ ৰামানুজনে আৱিষ্কাৰ কৰা সূত্ৰসমূহ আৰু সেইসমূহৰ প্ৰমাণ অতি বিশ্বাসযোগ্যতাৰে দাঙি ধৰিছিল আৰু ৰামানুজনক সভ্য পদ দিবলৈ উচ্চ পদবীধাৰী মেকমোহনক পতিয়ন নিয়াইছিল। উল্লেখ্য যে, মাপাংকীয় সমীকৰণ, নিৰ্দিষ্ট অখণ্ড ৰাশি, উপবৃত্তীয় আৰু অতি জ্যামিতিক ফলন সম্বন্ধীয় বহুতো গৱেষণাপত্ৰ ৰামানুজনে সেইছোৱা সময়ৰ ভিতৰত প্ৰকাশ কৰিছিল।

 ১৯১৯ চনত ৰামানুজনে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে। যিখন গাড়ীত উঠি হাৰ্ডি ৰামানুজনৰ কাষলৈ বিদায় জনাবলৈ আহিছিল, ৰগৰ কৰি হাৰ্ডিয়ে

৪৭