পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নতুন কূট-কৌশলৰ ৰচনা হ’ব, আক্ৰমণৰ স্থান-কাল- পৰিৱেশ ভিন্ন হ’ব। আৰু জাৰ্মানীৰ নতুন ৰণকৌশল ফাদিল কৰিবলৈ এলেনহঁতে পুনৰ পশুশ্ৰম কৰিব লাগিব।

 এই দোদুল্যমান পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এলেনহঁতে তেওঁলোকৰ সফলতা গোপনে ৰখাৰ সিদ্ধান্ত ল'লে। এলেন আৰু জোৱান ক্লাৰ্ক কাষ চাপিল মেজৰ জেনেৰেল ষ্টুৱাৰ্ট মেঞ্জিছৰ। এলেন আৰু জোৱানে মেঞ্জিছৰ ওচৰত প্ৰস্তাৱ ৰাখিলে - ‘এনিগ্‌‌মা’ৰ সম্পৰ্কীয় সমস্ত সংবাদ তেওঁলোকে ব্ৰিটেইনৰ প্ৰতিৰক্ষী বাহিনীৰ পৰা গোপনে ৰাখিব বিচাৰে। দ্বিতীয়তে, জাৰ্মানীৰ চকুত সন্দেহৰ উদ্ৰেক নঘটোৱাকৈ এলেনৰ দলটোৱে পৰিসংখ্যাৰ সহায়ত এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব যাতে সাপো মৰিব আৰু লাঠিও নাভাঙিব। জেনেৰেল মেঞ্জিছ মান্তি হ’ল।

 জেনেৰেল মেঞ্জিছৰ পৃষ্ঠপোষকতাত এলেন টুৰিঙৰ দলটোৱে কাম কৰি গ'ল। জাৰ্মানীয়ে গম নোপোৱাকৈ অতি সংগোপনে, নিৰৱে এই দলটোৱে

‘এনিগমা’ ক'ডৰ ৰহস্য ভেদি লক্ষাধিক লোকৰ প্ৰাণ বচালে।

 যুদ্ধ যেতিয়া যুদ্ধ শেষ হ’ল, তেতিয়া জেনেৰেল মেঞ্জিছৰ নিৰ্দেশমৰ্মে ‘ক্ৰিষ্টোফাৰ’ নামৰ চমৎকাৰী যন্ত্ৰটোৰ লগতে এই প্ৰকল্পৰ লগত জড়িত সমস্ত তথ্য-নথি ধ্বংস কৰি দিয়া হ'ল। লগতে প্ৰকল্পত জড়িত ব্যক্তিসকলক তেওঁলোকৰ জীৱনৰ পৰম সাফল্যটোৰ কথা আমৃত্যু পৰ্যন্ত গোপনে ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল।

 বিশ্বখ্যাত এলান টুৰিঙৰ জীৱন, যৌৱন আৰু তেওঁৰ অতুলনীয় কৰ্ম-সাধনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা বহুল প্ৰশংসিত আৰু বহুজন সমাদৃত “দা ইমিটেছন গেইম” (The Imitation Game) নামৰ ছবিখনৰ কাহিনীৰ সাৰাংশ এইয়া। দেশপ্ৰেমৰ পবিত্ৰ চেতনাৰে উদ্বুদ্ধ হৈ এলেন টুৰিঙ নামৰ এইজন প্ৰচুৰ মেধাসম্পন্ন অংকবিদ তথা কম্পিউটাৰ বিজ্ঞানীয়ে যৌৱনৰ গুৰুত্বপূৰ্ণ সময় এছোৱা এটা বিশেষ সংকেতৰ ৰহস্য ভেদ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি দিছিল আৰু নিজৰ চিন্তা আৰু

৩৫