পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্যাগ কৰিছিল। জাৰ্মান সৈন্যজনে এক সাংকেতিক ভাষাৰে তেওঁৰ গোপন প্ৰেমিকালৈ বাৰ্তা প্ৰেৰণ কৰিছিল যাৰ অৰ্থ হেলেনে উদ্ধাৰ কৰিছিল। এই বিশেষ কথাটোৱেই এলেন টুৰিঙৰ মগজুত বিজুলীৰ দৰে ঢৌ খেলাই গ’ল। বিদ্যুৎসাহী এলান টুৰিঙে ততালিকে হেলেনৰ কাষ চাপিল আৰু কিদৰে তেওঁ সংকেতটোৰ পাঠোদ্ধাৰ কৰিছিল, তাৰ বিষয়ে জানিব বিচাৰিলে। হেলেনে তেতিয়া ক’লে যে জাৰ্মান সৈন্যজনে প্ৰেৰণ কৰা সকলো বাৰ্তায়েই সাইলাখ একে শব্দ একোটাৰে আৰম্ভ হৈছিল। তথ্যটো উদ্ধাৰ কৰিয়েই এলেন আৰু তাত ৰৈ নাথাকিল। নিজৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব-তেওঁ ততালিকে ধাৰণা কৰি ল'লে।

 তৰা নৰা চিঙি তেওঁ অনুষ্ঠানৰ পৰা ওলাই আহিল। অনুষ্ঠানত উপস্থিত তেওঁৰ সংগীসকল আৰু প্ৰেমিক কাৰ্যত আশ্বৰ্যচকিত হোৱা প্ৰেমিকা জোৱান ক্লাৰ্কে এলেনক অনুসৰণ কৰিলে। আটায়ে কৰ্মস্থলী অভিমুখে ৰাওনা হ’ল। এলেনৰ ধাৰণা আছিল,- সাংকেতিক বাৰ্তাবোৰত সঘনাই ব্যৱহৃত হোৱা কেতবোৰ শব্দ চিনাক্তকৰণ কৰিব পাৰিলে যন্ত্ৰটোৰ গতি বঢ়াব পৰা যাব। সেয়েহে তীক্ষ্ণ চকুৰে, দুৰন্ত গতিৰে আটায়ে কাম আৰম্ভ কৰিলে। আৰু এলেনে ভবামতে তেওঁৰ ধাৰণাই শেষত সৰ্বশুদ্ধ প্ৰমাণিত হ’ল। যন্ত্ৰটোৱে এইবাৰ খুব কম সময়ৰ ভিতৰতে ফলাফল দেখুৱালে। সেইয়াও সম্পূৰ্ণ সঠিক আৰু শুদ্ধ। আটাইকেইজন আনন্দত আত্মহাৰা। নহ’বয়েইবা কিয়! অতদিনৰ সাগৰসম পৰিশ্ৰম, নিৰলস সাধনা আৰু আন্তৰিক চেষ্টা নিহিত হৈ থকা এই প্ৰকল্পটোৰ সফলতাই এতিয়া দেশৰ আৰু জাতিৰ কিমান উপকাৰ সাধন কৰিব!

 পিছে এইখিনিতে আন এটা নতুন সমস্যাই মূৰ দাঙি উঠিল। যদিহে ‘এনিগ্‌মা’ ক’ডত লুকাই থকা অৰ্থ বুজি ব্ৰিটেইনে শত্ৰুপক্ষ জাৰ্মানীৰ পানীজাহাজ, উৰাজাহাজ তথা সৈন্যবাহিনীৰ ওপৰত আক্ৰমণ চলায়; তেতিয়া শত্ৰুপক্ষই জানো নুবুজাকে থাকিব যে জাৰ্মানীৰ ‘এনিগ্‌মা’ ক’ডৰ পাঠোদ্ধাৰ কৰিবলৈ ব্ৰিটেইন সক্ষম হৈছে। ইয়াৰ পৰিণতিত হ’ব কি। জাৰ্মানীয়ে পুনৰ নতুন ক’ডৰ সৃষ্টি কৰিব,

৩৪