পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতি, সংকেত গোপনে যন্ত্ৰ নিৰ্মাণত ব্যস্ত হৈ থকা টুৰিঙৰ হাতত গটাবলৈ ধৰিলে।

 সপোনৰ যন্ত্ৰটোক বাস্তৱ ৰূপ দিবলৈ টুৰিঙ ইমানেই ব্যাকুল আৰু মনোযোগী হৈ পৰিছিল যে হতাশাগ্ৰস্ত সতীৰ্থৰ অনাকাংক্ষিত ব্যৱহাৰেও টুৰিঙৰ মন ভাঙিব পৰা নাছিল। দিন-ৰাতি অহৰ্নিশে টুৰিঙৰ মাত্ৰ এটাই লক্ষ্য আছিল-যন্ত্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা আৰু দেশৰক্ষাৰ পৱিত্ৰ কৰ্মত ইয়াত উছৰ্গা কৰা৷

 টুৰিঙৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত এদিন এই যন্ত্ৰটোৰ নিৰ্মাণকাৰ্য সমাপ্ত হ’ল। কিন্তু টুৰিঙৰ দলটোৰ বাবে অস্বস্তিকৰ কথাটো হ’ল- ‘ক্ৰিষ্টোফাৰ’ নামধাৰী এই সংকেত-উদ্ধাৰকাৰী যন্ত্ৰটোৰ কাৰ্যপ্ৰণালী অত্যন্ত মন্থৰ, যিটো আছিল সন্দেহাতীতভাৱে অস্বস্তিকৰ। কাৰণ চৌবিশঘণ্টাৰ ভিতৰতে সলনি হোৱা জাৰ্মানীৰ সাংকেতিক বাৰ্তাৰ উদ্ধাৰ কৰাৰ পদ্ধতিটো হ’ব লাগিব পৰাপক্ষত বিস্ময়কৰভাৱে দ্ৰুত।

 এই ধীৰ গতিৰ যন্ত্ৰটোৰ কথা যেতিয়াই গৈ কমাণ্ডাৰ ডেনিষ্টনৰ কণিত পৰিল, তেতিয়াই ক্ষোভিত, অসন্তুষ্ট ডেনিষ্টনে সদলবলে টুৰিঙৰ কোঠালৈ আহিল আৰু তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত দিয়াৰ লগতে যন্ত্ৰটোকো ধ্বংস কৰিবলৈ কঠোৰতম আদেশ জাৰী কৰিলে। কিন্তু ডেনিষ্টনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিল টুৰিঙৰ সহযোগীবৃন্দ। টুৰিঙৰ অনুপস্থিতিত তেওঁলোকেও এই প্ৰকল্পত কাম নকৰে বুলি নিৰ্ভয়ে ঘোষণা কৰিলে। উপায়বিহীন হৈ ডেনিষ্টনে সিদ্ধান্ত সলাবলগীয়া হ’ল। এমাহৰ ভিতৰত প্ৰকল্পৰ এটা ইতিবাচক পৰিণতি আশা কৰি ডেনিষ্টনে বিদায় ল’লে।

 এলান টুৰিঙে বাঞ্ছিত ফল লাভ কৰাত সফল হ’লনে!

 হ’ল। সেই কাহিনীও পৰম আমোদজনক। এলানৰ সৈতে কাম কৰা জোৱান ক্লাৰ্ককে এসময়ত এলান টুৰিঙে বিবাহৰ প্ৰস্তাৱ দিলে। সেই উপলক্ষে আয়োজিত অভ্যৰ্থনা অনুষ্ঠানটিলৈ হেলেন নামৰ যুৱতী এগৰাকীৰ আগমন ঘটিছিল। হেলেন আছিল জোৱানৰ বান্ধৱী। ক’বলৈ গ’লে- হেলেনৰ সৈতে এলান টুৰিঙ আৰু তেওঁৰ সহযোগী হাগ এলেক্সজেণ্ডাৰৰ মাজত সংঘটিত হোৱা এটা বাৰ্তালাপেই জাৰ্মানীৰ ‘এনিগ্‌মা’ ক’ডৰ যৱনিকা মাতি আনিলে। এজন জাৰ্মান সৈন্যৰ প্ৰতি হেলেন আকৃষ্ট হৈছিল। কিন্তু সৈন্যজনৰ অইন কোনো যুৱতীৰ লগত সম্বন্ধ থকা বুলি সন্দেহ কৰি হেলেনে তেওঁক

৩৩