পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


“Curiosity has its own reason for existing.”

—Albert Einstein

 আইনষ্টাইনৰ উক্তিৰ ভেটিত থিয় হৈয়েই ক’ব পাৰি- এই Curiosity-য়েই অৰ্থাৎ মানুহৰ মনৰ অদমনীয় কৌতূহল অথবা উৎসুকতাই মানুহক অইন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহক জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পৰাৰ অধিকাৰ প্ৰদান কৰিছে। চুকত সোমাই থকা ভেকুলী এটাই চিন্তা কৰিব নোৱাৰে। কিন্তু ভেকুলীয়ে কিয় চিন্তা কৰিব নোৱাৰে- সেই চিন্তাটো মানুহে কৰিব পাৰে, গৱেষণা কৰিব পাৰে নাইবা প্ৰশ্ন কৰিব পাৰে৷ আধুনিক দৈনন্দিন পৃথিৱীখনত ঘটি থকা অজস্ৰ-সহস্ৰ ঘটনাই মানুহৰ চেতন-অৱচেতন মনলৈ অসংখ্য কৌতূহলোদ্দীপক অনুভৱৰ সোঁত বোৱাই আনে আৰু মানুহক লৈ যায় বিচিত্ৰ প্ৰশ্নৰে পৰিপূৰ্ণ হৈ থকা অইন এখন জগতলৈ। কৌতূহলী মানুহৰ বিচৰণক্ষেত্ৰৰ পৰিধি ভাবিব নোৱৰা ধৰণে বিশাল। চিন্তাৰ দ্ৰুততম বেগে মানুহৰ কৌতূহলক পৰিচয় কৰাই দিছে পৃথিৱী,বেলি,জোন,সৌৰজগত,মহাকাশ,তাৰকাৰাজ্য তথা বিশাল ব্ৰহ্মাণ্ডৰ সৈতে আৰু মানুহৰ সন্মুখত উত্থাপন কৰিছে একো একোটা বিস্ময়কৰ প্ৰশ্ন। এই প্ৰশ্নবোৰৰ উত্তৰৰ অন্বেষণত নামি পৰিছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মানুহজন, তীক্ষ্ণতকৈও তীক্ষ্ন মানৱ মগজু। নিৰলস সাধনা আৰু কঠোৰতম অধ্যৱসায়ৰ বলত অসাধ্য

সাধন কৰা জীৱশ্ৰেষ্ঠই কৌতূহল দমনৰ অৰ্থে গমন কৰিছে কোটি কোটি কিলোমিটাৰ আঁতৰত থকা কোনোবা গ্ৰহলৈ,পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা চন্দ্ৰটোলৈ। পাইছে, অনুসন্ধিৎসু মানৱ জাতিয়ে

২৬