পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

Enzyme) হৈছে CPH-4। কোৰা (Quora) নামৰ জনপ্ৰিয় ৱেবছাইটটোত চিপিএইচ্ছ-ফোৰ আৰু ‘লুচি’ সম্পৰ্কীয় সম্পৰ্কীয় এলানি আলোচনাত ভাগ লৈ পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটিৰ প্ৰাক্তন ছাত্ৰ আৰু জীৱবিজ্ঞানী ব্ৰায়ান ষ্টিফেনছনে মন্তব্য কৰে যে - "6-Carboxy-5, 6, 7, 8-Tetrahydropterin CPH4 in the body, involved in the process of biosynthesis of tetrahydrobiopterin, an essential cofactor of aromatic amino acid hydroxylases. It is not the substance that Freeman describes it to be, it has no direct neurologic effects. So it does not work the way the movie described, nothing does. We use ALL of our brains, not just 10%.What kind of evolutionary change would give us an organ in which only 10% of it was useful, for everybody? Especially the brain.”

 বাৰু যি কি নহওক। এতিয়া ছিনেমাৰ মাজলৈ উভতি আহোঁ। ড্ৰাগ ব্যৱসায়ী মিষ্টাৰ জেঙে এই চিপিএইছ-ফোৰৰ চোৰাং কৰিবৰ কৰি লক্ষাধিক ধন আত্মসাৎ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে। সেই উদ্দেশ্যৰেই কেইজনমান মানুহৰ পেটত চিপিএইছ- ফোৰৰ টোপোল সুমুৱাই তেওঁলোকক বিদেশলৈ সৰবৰাহ কৰাৰ যো-জা চলায়। কিন্তু দুৰ্ভাগ্যবশতঃ লুচিৰ পেটত সুমুৱাই থোৱা টোপোলাটো তাইৰ পহৰাদাৰী এজনে কৰা আক্ৰমণৰ ফলত পেটতে ফাটি যায়। ইয়াৰ ফলত প্ৰচুৰ পৰিমাণৰ চিপিএইচ্ছ- ৪ লুচিৰ শৰীৰত বিয়পি পৰে। পৰৱৰ্তী মুহূৰ্ততে লুচিৰ জীৱন নাটকীয়ভাৱে সলনি হয়। মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে লুচিয়ে অভূতপূৰ্ব উত্তৰণ সাধন কৰে। লুচিয়ে দুখ, বেদনা অনুভৱ নকৰা হয়; জীৱ আৰু জড়-দুয়োখন সমাজতেই অবাধ বিচৰণ আৰু নিয়ন্ত্ৰণ কৰিব পৰা হয়, অচিনাকি মানুহৰ কথা আঁতৰৰ পৰাই বুজিব পৰা হয়,বৈদ্যুতিক আৰু চুম্বকীয় তৰংগ নিয়ন্ত্ৰণ কৰিব পৰা হয়,ছেকেণ্ডৰ ভিতৰে কেইবাটাও ৱেবছাইট,৬৭৩৪ পৃষ্ঠাজোৰা গৱেষণ মুহূৰ্ততে পঢ়ি হৃদয়ংগম কৰিব পৰা হয়। পৰিৱৰ্তিত ব্যক্তিত্ব সম্বন্ধে প্ৰচুৰ জিজ্ঞাসা হয় লুচিৰ। সৰ্বশেষত লুচিয়ে সাক্ষাৎ কৰে স্নায়ুতত্ত্ববিদ ছেমুৱেল নৰমানক (মৰ্গান ফ্ৰিমেন)। মগজুৰ অপাৰ ৰহস্যময় শক্তিৰ সন্দৰ্ভত বিস্তৰ গৱেষণা কৰা ছেমুৱেল নৰমান নামৰ মানুহজন আৰু ছেমুৱেল নৰমানৰ গৱেষণাৰাজিৰ বিষয়ে সমস্ত কথা অধ্যয়ন কৰি লুচিয়ে নৰমানক দেখা কৰে। লুচিৰ সাম্প্ৰতিক অৱস্থাটো দেখি স্বাভাৱিকতেই বিস্ময়াহত হৈ পৰে প্ৰফেচাৰ নৰমান। লুচিয়ে প্ৰশ্ন কৰে-এই বিশাল শক্তিৰ ভাণ্ডাৰটোৰ সৈতে মই এইয়া কি কৰিম? কাৰণ বৰ্তমানে মগজুৰ ২৮% শক্তি ব্যৱহাৰ কৰি থকা লুচিৰ মগজুৱে কম সময়ৰ ভিতৰতে ১০০ৰ ঘৰ স্পৰ্শ কৰিব। ১০০% শক্তিসম্পন্ন মগজু এটাৰে জীয়াই থকাটো হৈ পৰিব অসম্ভৱ কথা। লুচিৰ ব্যাকলুতা অনুধাৱন কৰি প্ৰফেছৰ ছেমুৱেল নৰমানে মন্তব্য আগবঢ়ায়—The whole purpose of life has been passed on what was learned. There was no higher purpose. If you are asking me what to do with all this

knowledge you're accumulating, I'd say pass it on. প্ৰফেছাৰৰ কথামতেই লুচি আগবাঢ়ি আহে। ছেমুৱেল নৰমান আৰু তেওঁৰ দুগৰাকীমান সহযোগীক সন্মুখত লৈ লুচি এক সময়-যাত্ৰাত ওলাই পৰে। লুচিয়ে সৃষ্টিৰ আদিম অৱস্থাৰ পৰা এতিয়ালৈকে বিশ্বত সংঘটিত হোৱা যুগান্তকাৰী পৰিঘটনাসমূহ,সমস্ত তথ্য-ছবি-বিশ্লেষণক তাইৰ

২১