পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন-বিবেক আগ্ৰহী হয় আৰু এসময়ত অমূল্য জীৱনটোক বুটলি ল’বলৈ হাণ্টিঙৰ মন সুদৃঢ় আৰু পৰিপক্ক হৈ উঠে।

 এইয়া আছিল ১৯৯৭ চনত মুক্তি লাভ কৰা বহুসমাদৃত,সফল আৰু মননশীল ছবি ‘গুড উইল হাণ্টিঙ’ৰ কাহিনীৰ চমু বৰ্ণনা। ১২৬ মিনিট দৈৰ্ঘ্যৰ বাণিজ্যিকভাৱে সফল এই ছবিখনৰ পৰিচালক গাছ ভান ছাণ্ট। মেট ডেমন আৰু বেন এফলেকে ৰচনা কৰা কাহিনীটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মেট ডেমন (উইল হাণ্টিং) আৰু ৰবিন উইলিয়ামছে (ছিন মেগুৱাইৰ)। মুঠ নটা একাডেমী বঁটাৰ মনোনয়ন লাভ কৰা উক্ত ছবিখনে শ্ৰেষ্ঠ সহ অভিনেতা আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। সংযোজন কৰা দৰকাৰ যে, দা হলিউড ৰিপোৰ্টাছৰ এশখন প্ৰিয় ছবিৰ তালিকাত (২০১৪ চন) এইখন ছবিয়ে ৫৩ সংখ্যক স্থান দখল কৰিছে।

 দুটা মুখ্য চৰিত্ৰত মননশীল অভিনয় কৰা মেট ডেমন আৰু ৰবিন উইলিয়ামছৰ মাজত গঢ় লৈ উঠা সম্পৰ্কটো আৰু সেই সম্পৰ্কটোৰ উপস্থাপন- ৰীতি ছবিখনৰ অন্যতম দিশ। উল্লেখযোগ্য যে, টৰণ্ট’ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেচাৰ পেট্ৰিক অ’ ডেনিয়েলে এই ছবিখনত অংকৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছে।

 বিভিন্ন বিষয়ত যৌৱনাৱস্থাতে অসাধাৰণত্ব অৰ্জন কৰা প্ৰচুৰ মেধাসম্পন্ন কিন্তু অসংযত উইল হাণ্টিং নামৰ যুৱকজনেনো কিদৰে জীৱনৰ সৌন্দৰ্য আৰু মহত্ব উপলব্ধি কৰিব পাৰিলে, কেনে ভাবাৱেগৰ দ্বাৰা চালিত হৈ উইল হাণ্টিঙে নিজৰ জীৱনটো জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকেৰে উদ্ভাসিত কৰি তুলিলে আৰু কিয়নো তেওঁৰ নামৰ আগত ‘গুড’ শব্দটো সংযোজিত হ’ল-তাকে জানিবলৈ ছবিপ্ৰেমীসকলে এই সুন্দৰ জীৱনমুখী ছবিখন উপভোগ কৰিব পাৰে।

১৯