পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৃষ্টিভংগী ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপিত কৰ্মপ্ৰেম, দায়িত্ববোধ আৰু বিশ্বস্নেহৰ জীৱন্ত নিদৰ্শন বুলি ক’ব পাৰি-We have to do the best that we are capable of. That is our sacred human responsibility. Anything less is unforgivable. I had to do the work. My theory is too beautiful to be wrong. Somebody will prove it.

 আইনষ্টাইনৰ সেই “Somebody” জন আন কোনো নহয়, আৰ্থাৰ ষ্টেনলি এডিংটন। যিজন মানুহৰ অপৰিসীম দৃঢ়তা, অসামান্য একাগ্ৰতা আৰু প্ৰখৰ বুদ্ধিমত্তাই আইনষ্টাইনক কৰি তুলিছিল নিশাটোৰ ভিতৰতে ‘নায়ক’ আৰু আপেক্ষিকতাবাদক কৰি তুলিছিল যাউতিযুগীয়া।

 এডিংটন আৰু আইনষ্টাইনৰ মাজত এক চৰিত্ৰগত বিশেষ সাদৃশ্য আছিল। অসূয়া-অপ্ৰীতি আৰু যুদ্ধৰ পৰিৱৰ্তে দুয়োজনেই সমাজত শান্তি আৰু ঐক্য-স্থাপন হোৱাটো বিচাৰিছিল। দুয়োজনেই বিচাৰিছিল-বিজ্ঞানক মানুহ আৰু পৃথিৱীয়ে প্ৰগতি আৰু উত্তৰণৰ বাটকটীয়া হিচাপে গ্ৰহণ কৰক। তেওঁলোকে বিচাৰিছিল-পৃথিৱীখন অশান্তিকৰ আৰু আঁসোৱাহপূৰ্ণ কৰাৰ অপচেষ্টাত বিজ্ঞানক যাতে ব্যৱহাৰ কৰা নহয়। তেওঁলোকৰ সেই কল্যাণমুখী দৃষ্টিভংগী ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপিত হৈছে৷

 এডিংটনৰ এজন পৰম মিত্ৰ আছিল-নাম যাৰ উইলিয়াম মাৰ্চটন। বিশ্ববিদ্যালয়ৰ সময়তেই দুয়োৰে মাজত এক অভিন্ন সম্পৰ্ক গঢ় লৈ উঠিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত এইজন মাৰ্চটন যুদ্ধক্ষেত্ৰত নামিবলগীয়া হৈছিল। য়াপ্ৰেছৰ দ্বিতীয় যুদ্ধত জাৰ্মানৰ সৈন্যই ব্যৱহাৰ কৰা ক্লৰিন গেছে প্ৰায় পোন্ধৰহাজাৰ ইংৰাজ সৈন্যৰ প্ৰাণ লৈছিল। সেই পোন্ধৰহাজাৰ সৈন্যৰ ভিতৰত এডিংটনৰ বন্ধু মাৰ্চটনে আছিল। মাৰ্চটনৰ মৃত্যুৰ পিছত এডিংটনক অসহ্যকৰ বেদনা আৰু শূন্যতাই আৱৰি ধৰিছিল। অৱশ্যে এই চৰম পীড়াদায়ক দুৰ্ঘটনাই এডিংটনক তেওঁৰ লক্ষ্যপথৰ পৰা বিচলিত কৰিব পৰা নাছিল৷ জাৰ্মান বিজ্ঞানী আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ অনুমতি বিচাৰি তেওঁ জ্যেষ্ঠ বিজ্ঞানীসকলৰ লগত তৰ্কত লিপ্ত হৈছিল। য়াপ্ৰেছৰ যুদ্ধত নিজ পুত্ৰক হেৰুউৱাৰ পিছত যেতিয়া জাৰ্মান বিজ্ঞানৰ বিৰোধিতা আৰু গালিবৰ্ষণত ছাৰ অলিভাৰ ল’জ মুখৰ হৈ পৰিছিল তেতিয়া এডিংটনে নিজৰ মনোভাৱ ব্যক্ত কৰি ছাৰ অলিভাৰ চকুত চকু থৈ কৈছিল-The pursuit of truth in science transcends

১৫