পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চন্দ্ৰশেখৰৰ মাজৰ পৰা প্ৰকৃত বিজয়ীজনক বাছি উলিউৱাটো তেতিয়াহে সম্ভৱ হ’ব যেতিয়া এই বিতৰ্কিত বিষয়টোৰ সত্যতা জানিবলৈ কোনোবাই এক পৰীক্ষামূলক অধ্যয়ন কৰিব। কিন্তু তেনে কোনো পৰীক্ষা এতিয়ালৈকে হোৱা নাই। পিছে এডিংটনৰ অনুমানক ভুল প্ৰমাণিত কৰিলে সেই স্থানতে উপস্থিত থকা প্ৰখ্যাত জ্যোতিৰ্বিজ্ঞানী গেৰাৰ্ড কুইপাৰে। কুইপাৰ আছিল ‘শুকুলা বাওনা” (white Dwarfs) সম্বন্ধীয় অভিজ্ঞতাৰে পুষ্ট এজন দক্ষ বিজ্ঞানী। তেওঁ কৈ উঠিল যে-শেহতীয়াকৈ তেওঁ এনে কেতবোৰ তথ্য, প্ৰমাণ সংগ্ৰহ কৰিছে যিবোৰে প্ৰমাণ চন্দ্ৰশেখৰৰ তাত্ত্বিক ধাৰণাক সম্পূৰ্ণ সত্য বুলি চিহ্নিত কৰে। সেইবোৰে চন্দ্ৰশেখৰৰ ধাৰণাটোক সমৰ্থন কৰে। সভা ভগাৰ পিছত এডিংটন চন্দ্ৰশেখৰৰ কাষলৈ আহিল আৰু ক’লে যে-“তোমাক যদি মই দুখ দিছোঁ তাৰ বাবে মই দুঃখিত।” প্ৰত্যুত্তৰত চন্দ্ৰশেখৰে কৌতূহলী হৈ সুধিলে-“আপুনি আপোনাৰ মত সলাইছে নেকি?” উত্তৰত এডিংটনে মাথোঁ ক’লে-“নাই।” “তেন্তে ক্ষমা খোজাৰ প্ৰয়োজন কি?” এইবুলি প্ৰশ্ন তুলি চন্দ্ৰশেখৰে সেই ঠাই পৰিত্যাগ কৰিলে। পাছলৈ দুয়োজনৰ মাজত কেতবোৰ চিঠি- পত্ৰৰ আদান-প্ৰদান হৈছিল যদিও উক্ত বিতৰ্ক সন্দৰ্ভত আলোচনা হোৱা নাছিল। এবাৰ ত্ৰিনিটিত ভেটাভেটি হওঁতে চন্দ্ৰশেখৰে এডিংটনক পুনৰ সুধিছিল যে-চন্দ্ৰশেখৰৰ তত্ত্বই এডিংটনৰ প্ৰতিষ্ঠিত তত্ত্বটোক নস্যাৎ কৰিলেহেঁতেন নেকি? যদিও এডিংটনে চন্দ্ৰশেখৰৰ প্ৰতি এইবাৰ সমৰ্থনসূচক সঁহাৰি জনাইছিল, তথাপিও এডিংটনৰ দ্বাৰা সূচনা হোৱা এই সমগ্ৰ বিতৰ্কৰ নেপথ্যৰ প্ৰকৃত ৰহস্য এটা ‘ৰহস্য’ হৈয়েই থাকি গ’ল।

 এতিয়া পুনৰ উভতি আহোঁ ‘আইনষ্টাইন এণ্ড এডিংটন’ ছবিখনৰ মাজলৈ। ছবি বুলি কোৱা হৈছে যদিও প্ৰকৃততে এইখন এখন টিভি ড্ৰামাহে। ওপৰত কৈ অহা হৈছেই যে বিবিচি-টু নামৰ চেনেলটোত এই ড্ৰামাখন সম্প্ৰচাৰিত হৈছিল। ছবিখনত আইনষ্টাইনৰ ভূমিকাত অৱতীৰ্ণ হৈছে এন্ট্ৰি চাৰ্কিছ আৰু এডিংটনৰ ভূমিকা পালন কৰিছে ডেভিড টেনেন্টে। আন এজন বিখ্যাত বিজ্ঞানী মেক্স প্লেংকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ডনাল্ড ছাম্পটাৰে। এডিংটনৰ ভগ্নী ৱিনিফ্ৰেড এডিংটনৰ চৰিত্ৰ-ৰূপায়ণকাৰী ৰেবেকা হলো ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। আইনষ্টাইনৰ প্ৰথমা পত্নী মিলেভা আৰু দ্বিতীয় পত্নী এলিছাৰ ভূমিকাত নাম-ভূমিকাত অৱতীৰ্ণ হৈছে যথাক্ৰমে লুছি কহু আৰু যধি মেয়ে। কোম্পানী পিকচাৰছ আৰু বিবিচিয়ে প্ৰযোজনা কৰা ছবিখন নিৰ্মাণত এইছ.বি.অ’ চেনেলেও সহযোগিতা আগবঢ়াইছে। পিটাৰ মফাটে ৰচনা কৰা কাহিনীৰ পৰিচালনা কৰিছে ফিলিপ মাৰ্টিনে। প্ৰায় ঊনানব্বৈ মিনিটজোৰা ছবিখনত কুৰি শতিকাৰ প্ৰথম তিনিটা দশকৰ ঘটনাবহুল পৃথিৱীখনত সংঘটিত হোৱা একাধিক ঘটনা বৰ্ণনা কৰা হৈছে।

 এলবাৰ্ট আইনষ্টাইনৰ পাৰিবাৰিক সংঘাতক ছবিখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। মিলেভাৰ সৈতে মানসিক দ্বন্দ্ব, দুই পুত্ৰৰ লগত জড়িত আৱেগক নেওচি আইনষ্টাইনৰ বাৰ্লিনলৈ যাত্ৰা, বাৰ্লিনত এলিছাৰ লগত প্ৰণয়, প্ৰথম পত্নী মিলেভাৰ সন্মুখত নতুন প্ৰেমৰ গোপনীয়তা ভংগ,

১৩