পূৰ্বতে সা-সম্পত্তি দেৱালয়ৰ নামতে আছিল; দানপত্ৰও দেৱালয়ৰ নামতেই। দলৈয়ে তাক পৰিচালনাহে কৰিছিল। দেৱালয়ৰ মাটিৰ খাজনাও দলৈয়ে সংগ্ৰহ কৰিছিল, আৰু সেই সমুদায় সংগৃহীত ধন দেৱালয়ৰ পুঁজিত জমা হৈছিল। দেৱালয়ৰ যাৱতীয় খৰচ এই পুঁজিৰপৰাই কৰা হৈছিল।
পৰ্যায়ক্ৰমে অসম চৰকাৰে লোৱা ব্যৱস্থাৰ ভিতৰত, অসমৰ আটাইবোৰ দেৱালয়, মন্দিৰ, সত্ৰ আদিৰ মাটি-বাৰী জৰীপ কৰিবলৈ এটি বিশেষ পিয়লো চলায়। ইয়াক Temple Census' বুলি কোৱা হৈছিল। উক্ত পিয়লৰ মৰ্মে অশ্বক্ৰান্ত দেৱালয়ৰো নিষ্পিখেৰাজ মাটিবোৰৰ ইমান দিনে ভোগ-দখল কৰি অহা সকলৰ নামত ৰায়তী পট্টা কৰি দিয়া হয়। অৱশ্যে মাটিৰ খাজনা কিছুদিনলৈ পূৰ্বৰদৰে দলৈয়েই আদায় কৰি থাকিল; কিন্তু এতিয়া সেই খাজনা দেৱালয়ৰ পুঁজিৰ পৰিবৰ্তে চৰকাৰী পুঁজিতহে জমা হ'লগৈ। ইয়াৰপৰা দেৱালয়ৰ কাম-কাজত কিছু ব্যাঘাত জন্মিল। তথাপি বিগ্ৰহৰ পূজা-পাতাল আদি আগৰদৰেই চলি থাকিল।
স্বাধীনতাৰ পিছত : ভূমি-নীতিৰ সংস্কাৰ
দেশ স্বাধীন হোৱাৰ পিছত স্বাধীন শাসন ব্যৱস্থাৰৰ অনেকঘিনি পৰিবৰ্তন ঘটিল। ভূমি-নীতিৰ সংস্কাৰ হ’ল। দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটিৰ পাৰ্থক্য নোহোৱা হৈ আহিল। ‘আধিয়াৰ আইন’, ‘চিলিং আইন’ আদি প্ৰবৰ্তন কৰা হ'ল। দেৱালয়ৰ নামত থকা মাটিৰ পৰিমাণে অনেকখিনি কমাই দিয়া হ’ল। অশ্বক্ৰান্ত দেৱালয়ৰ নামত সম্প্ৰতি ৪৩৶৴১৭ লেচা নিষ্কৰ মাটিহে আছে। অৰ্থাৎ নিষ্পিখেৰাজৰ লগতে লা-খেৰাজ মাটিৰবোৰৰ খাচ কৰি দিয়া হল।
ফলস্বৰূপে দেৱালয়ৰ কাম-কাজবোৰ আগৰদৰে সুচাৰূপে চলোৱা টান হৈ পৰিল। দলৈগৰাকীয়ে আগৰ পুঁজিৰ ধনেৰে দেৱালয়ৰ নিত্য-নৈমিত্তিক কৰ্মবোৰ চলাই থাকিব লগা হ'ল। দেৱালয়ৰ বিগ্ৰহৰ পূজা-পাতল, ঠগি ঠুগা, চাকি-বন্তি, ভোগ আদিৰ নামতেই এটি টনকিয়াল পুঁজিৰ আৱশ্যক। তদুপৰি উৎসৱ-পৰ্ব আদি আছেই। এতেকে দলৈগৰাকীয়ে বাধ্য হৈ খৰচৰ মাত্ৰা বহুখিনি হ্ৰাস কৰিব লগা হৈছে। আগতে বিগ্ৰহক দিয়া ভোগৰ পৰিমাণ নিৰ্দিষ্ট আছিল; চাকি-বন্তিও দিনে-ৰাতিয়ে জ্বলিছিল। কিন্তু স্বাধীনতাৰ পিছত, ভূমি-নীতিৰ সংস্কাৰৰ ফলত দেৱালয়ৰ মাটি-বাৰীবোৰ খাচ হোৱা বাবে, দেৱালয়বোৰৰ আয় বহুখিনি কমি গ'ল; কিছুমান দেৱালয়ৰ যে আয় একে-